বিশ্ব স্বাস্থ্য সংস্থালৈ লিখিত পত্ৰত আকৌ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ!

Share This Article

ক’ৰোণাৰ উত্স সম্পৰ্কে সোমবাৰে বিশ্বৰ ৩৫খন দেশে প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি একেই প্ৰশ্নৰ অৱতাৰণা কৰিছে ইউৰোপৰ ২৭খন সদস্য ৰাষ্ট্ৰই । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৪খন স্থায়ী সদস্য ৰাষ্ট্ৰ- ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়াই একেই প্ৰশ্ন উত্থাপিত কৰিছে। ইয়াৰোপৰি জাপান, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, তুৰস্ক আৰু ভাৰতেও উত্থাপন কৰিছে একেই প্ৰশ্ন। ছাৰ্ক(SAARC)ৰ সদস্য বাংলাদেশ আৰু ভূটানেও কৰোণাৰ উত্স সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে ।

আনহাতে ক’ৰোণা ভাইৰাছৰ বাবে বিভিন্নসময়ত প্ৰত্যক্ষ তথা পৰোক্ষভাৱে বিশেষকৈ আমেৰিকাই চীনৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰি আহিছে। কেৱল ইমানতেই ক্ষান্ত থকা নাই, ক’ৰোণা ভাইৰাছক চীনা ভাইৰাছ হিচাপেও অভিহিত কৰি আহিছে আমেৰিকাই। বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধেও একাধিকবাৰ বিভিন্ন মন্তব্য প্ৰকাশ কৰি আহিছে। আমেৰিকাৰ দাবী যে বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষত কাম কৰি আছে। চীনত কটৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তথ্যও সঠিকভাৱে দাঙি ধৰা নাই বুলি আমেৰিকাই সময়ে সময়ে চীনৰ বিৰুদ্ধে দাবী কৰি আহিছে।

উল্লেখ্য যে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাক এই সন্দৰ্ভত জবাবদিহি কৰিবলৈ উঠিপৰি লাগিছে। সোমবাৰে ড’নাল্ড ট্ৰাম্পে নীতি অনুসৰি বিশ্ব স্বাস্থ্য সংস্থালৈ ভাবুকিসূচক পত্ৰ প্ৰেৰণ কৰিছে বুলি ইতিমধ্যেই সংবাদমাধ্যমত প্ৰকাশ হৈছে। ইতিপূৰ্বেই সাময়িকভাৱে WHOলৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰাটো স্থগিত ৰাখিছিল মহাশক্তিধৰ আমেৰিকাই। কিন্তু সংবাদমাধ্যমত প্ৰকাশিত অনুসৰি ট্ৰাম্পে এইবাৰ পত্ৰযোগে একপ্ৰকাৰে ভাবুকি প্ৰদান কৰিছে যে যদিহে সংস্থাটোৱে সম্পূৰ্ণ পৰিস্থিতিৰ সঠিক পৰ্যালোচনা নকৰে, তেন্তে আগন্তুক দিনত অৰ্থসাহাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিব আমেৰিকাই। অহা ৩০ দিনৰ ভিতৰত যদিহে পৰিস্থিতিৰ সালসলনি নহয়, তেন্তে অৰ্থসাহাৰ্য বন্ধ কৰাৰ উপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যপদ সম্পৰ্কতো সিদ্ধান্ত গ্ৰহণ কৰিব মাৰ্কিন দেশখনে। WHO প্ৰধান টেড্ৰোছ আধানম ঘেব্ৰেয়েছুছলৈ লিখা পত্ৰত ট্ৰাম্পে উল্লেখ কৰিছে-“আমাৰ প্ৰশাসনে এই বিষয়ে আলোচনা আৰম্ভ কৰিছে। ক’ৰোণাৰ সৈতে দ্ৰুততৰ যুদ্ধত যথাযথ ব্যৱস্থা গ্ৰহণ নকৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যপদৰ পৰা আমি আঁতৰি আহিম।’’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.