নামাজৰ বাবে খুলি দিলে গীৰ্জাৰ দুৱাৰ

Share This Article

দেশত ক’ৰোনা ত্ৰাসত সন্ত্ৰস্ত হৈ পৰিছে জনসাধাৰণ। সামাজিক দূৰত্ব বৰ্তাই ৰাখি দৈনন্দিন জীৱন কটাবলগীয়া হৈছে জনসাধাৰণ। অসমত প্ৰথমে তবলীগি জামাতৰ অংশগ্ৰহণকাৰীৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল। কিন্তু ছ’চিয়েল মিডিয়াত কোভিড-১৯ সংক্ৰমণৰ সমান্তৰালকৈ কিছুৱে ধৰ্মীয় বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছিল। এনেসময়তেই সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে এখন দেশে-জাৰ্মানী। লক্ ডাউন চলি থকাৰ মাজতেই পবিত্ৰ ঈদৰ দিনা নামাজৰ বাবে খুলি দিয়া হল জাৰ্মানীৰ এটা গীৰ্জাঘৰ(Church)। জাৰ্মানীত জামাতৰ বাবে চৰকাৰী নীতি নিয়ম বান্ধি দিয়া হৈছিল। ৪ মে’ তাৰিখে ধৰ্মীয় প্ৰাৰ্থনাস্থলী সমূহ খুলি দিয়া হ’লেও ৫ফুটকৈ জনদূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল। সেয়ে শুক্ৰবাৰে বাৰ্লিনৰ নিউকোলন জিলাৰ দাৰ-আছ-ছালাম মছজিদত কম সংখ্যক মুছলমান লোকেহে নামাজ পঢ়িবলৈ সক্ষম হয় । প্ৰকাশিত খবৰ অনুসৰি এই কথা গম পোৱাৰ পিছতেই ক্ৰুজবাৰ্গ এলেকাৰ মাৰ্থা লুথেৰান গীৰ্জাঘৰে জনাই যে ইচ্ছা কৰিলে গীৰ্জাঘৰত নামাজ পঢ়িব পাৰিব। তাৰ পিছতেই বহু মুছলমান লোকে গীৰ্জাঘৰটোত নামাজ পঢ়ে। গীৰ্জাঘৰটোৰ এজন জাজেও নামজত অংশগ্ৰহণ কৰে। এইদৰেই সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে জাৰ্মানীৰ এটা গীৰ্জাঘৰে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.