সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ট্ৰেজেডি কিঙৰ চিৰবিদায়…

বলীউদৰ” ট্ৰেজেডি কিঙ” দিলীপ কুমাৰ আৰু নাই ৷ বুধবাৰে পুৱা ৭ বজাত মুম্বাইৰ হিন্দুজা হাস্পতালত তেও শেষ নিশ্বাস ত্যাগ কৰে ৷ শ্বাস- প্ৰশ্বাসত পোৱা অসুবিধাৰ বাবে স্বনামধন্য অভিনেতাগৰাকীক যোৱা ৩০ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ জীৱন – মৃত্যুৰ কঠিন যুঁজৰ অন্তত তেও পুৱাই চিৰবিদায় মাগে ৷জীৱনকালত ৬৫ খনতকৈও অধিক চিনেমাত অভিনয় কৰা দিলীপ কুমাৰ দেবদাস , নয়া দৌৰ , মুঘল-এ – আজম , ক্ৰান্তি , কৰ্মা আদি চিনেমাৰ বাবে দৰ্শকৰ মনত চিৰস্থায়ী হৈ ৰ’ব ৷ শেষবাৰৰ বাবে তেওক পৰ্দাত দেখা গৈছিল ১৯৯৮ চনত’ কিলা ‘ চিনেমাখনত ৷ এইগৰাকী প্ৰখ্যাত অভিনেতাৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে ৷

Leave A Reply

Your email address will not be published.