সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ঘৃণাৰ ছুনামি বন্ধ কৰকঃ আন্ত’নিও গুতেৰেছ

পৃথিৱীজুৰি চলিছে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰাণপণ যুজ ৷ আক্ৰান্ত প্ৰতিখন দেশেই মৰণপণ প্ৰতিৰোধ জাৰী ৰাখিছে ক’ভিড ১৯ৰ বিৰুদ্ধে ৷কিন্ত এই মহামাৰীৰ সুযোগ লৈয়েই বিশ্বজুৰি ঘৃণাৰ ছুনামি আৰম্ভ হৈছে বুলি মন্তব্য কৰি সাৱধানবাণী শুনালে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে ৷ ক’ৰোণাক লৈ সৃষ্ট এই ঘৃণা আৰু বিদ্বেষৰ পৰিস্থিতি অনতিপলমে বন্ধ কৰিবলৈ ৰাষ্ট্ৰনেতাসকলক আহ্বান জনালে আন্তনিও গুতেৰেছে ৷
ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান গৰাকীয়ে কয় যে ক’ৰোণাৰ সংক্ৰমণ বঢ়াৰ লগে লগে ইণ্টাৰনেট আৰু ছছিয়েল মিডিয়াত বাঢ়িছে বিদেশীবিদ্বেষ ৷ই দুনীয়াৰ এই বিদ্বেষ কোনো কোনো ঠাইত ৰাস্তাই পথে মুছলিম বিদ্বেষৰো ৰুপ লৈছে ৷ গুতেৰেছে এনে পৰিস্থিতি চম্ভালিবলৈ ৰাষ্ট্ৰ সমুহলৈ আহ্বান জনাইছে ৷
সচিবপ্ৰধানজনে আকৌ কয় যে এই ভাইৰাছৰ উৎপত্তিকলৈ এতিয়াও বিভ্ৰান্তি আছে তাৰেই সুযোগ লৈ বহুঠাইত শৰণাৰ্থী আৰু অভিবাসী সকলক নূন্যতম স্বাস্থ্যপৰিসেৱাৰ পৰা পৰাও বঞ্ছিত কৰা হৈছে ৷
গুটেৰেছে আৰু স্পষ্টকৈ কয় যে আনকি সাংবাদিক , স্বাস্থ্যকৰ্মী , চিকিৎসক বা আৰক্ষী প্ৰশাসনৰ যিসকলে এই সময়ত জীৱনটো হাতৰ মুঠিত লৈ অহৰহ কাম কৰিছে তেওলোকক কেৱলমাত্ৰ এই পেছাৰ বাবেই বহুক্ষেত্ৰত ঘৃণাৰ লক্ষ কৰি লোৱা হৈছে ৷
ৰাষ্ট্ৰসংঘৰ সচিবগৰাকীয়ে এই পৰিবৰ্ধিত ঘৃণাৰ পৰিবেশক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু ৰাষ্ট্ৰ সমূহক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আৰ্জি জনাই ৷

Leave A Reply

Your email address will not be published.