Investigative reporting with dedication.

গুৱাহাটীত উপস্থিতি হলহি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।জি এম চিএইছৰ সভাগৃহত এক বিশেষ সন্মিলনত ভাগ লৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।সন্মিলনত নতুন শিক্ষা নীতিৰ আধাৰত শৈক্ষিক উত্তৰণ সন্দৰ্ভত চলিছে আলোচনা।শুকুৰবাৰৰ পৰা শনিবাৰলৈ দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই শৈক্ষিক সন্মিলন।সন্মিলনত উপস্থিত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু,শিক্ষা বিভাগৰ উপদেষ্টা তথা অধ্যাপক ননী গোপাল মহন্ত।



