- Donation -
#মুকলি চিঠি
মাননীয় মুখ্যমন্ত্ৰী মহোদয়
দিছপুৰ , অসম ।
মহোদয় নমস্কাৰ গ্ৰহন কৰিব । সাম্প্ৰতিক বান পৰিস্থিতিত আপোনাৰ চাল -চলন আমাৰ দৃষ্টিগোচৰ হৈছে ! লাখ লাখ মানুহ বানাক্ৰান্ত হৈ আছে ! অনেক মানুহৰ বান -পানীত প্ৰান গৈছে ! #বানাক্ৰান্তক চৰকাৰে #বানসাহাৰ্য পৰ্যাপ্ত পৰিমানে দিব পৰা নাই ! বস্তুৰ দাম আকাশলংঘী হৈছে ! বানাক্ৰান্তই পোৱা নাই চিকিৎসা ! পশুধন ধংস হৈছে! তেনে সময়ত আপোনাৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা পতাত আপুনি আগভাগ লৈ পুৰণি অপ-সংস্কৃতিৰ ৰাজনৈতিক স্বভাৱৰে মহাৰাষ্ট্ৰৰ বিধায়ক সকলক হোটেল #ৰেডিচনব্লুত আমাৰ ৰাজহুৱা ধনৰ শৰাধ কৰি অতিথি আপায়ণত উঠিপৰি লাগিছে কিয় সেই প্ৰশ্ন আমাৰ আপোনালৈ ?
ঈশ্বৰে সকলো দিয়াৰ পাছতো ইমান লোভ কিয় ? নিজকে সৰ্বশ্ৰেষ্ঠ দেখোৱাবলৈ গৈ অসম আৰু অসমীয়াক গলচেপা দিছে কিয় ?
মহাৰাষ্ট্ৰৰ বাসিন্দাই অসমৰ বাবে নিশ্চয় মহাৰাষ্ট্ৰৰ তিলমানো ক্ষতি হব নিদিয়ে ! আৰু আপুনি আনক ভালৰি বলাবলৈ নিজক জলাজ্ঞলি দিছে কিয় ?
আপুনি আমাৰ ব্যক্তিগত শত্ৰু নহয় কিন্তু আপুনি যি দেখিছো ক্ৰমান্বয়ে অসমৰ শত্ৰু হবলৈ গৈ আছে !
#অসমচুক্তি , #ছয়নংদফা ,ছয়জনগোষ্ঠিৰ #জনজাতিকৰণ ,#একলাখচাকৰি ,অসমৰ উন্নতি সকলো পিঠি দি কেৱল আৰু কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক উথ্বানৰ বাবে পৰিয়ালৰ সকলোকে এক নম্বৰত ৰাখি অসমৰ ৰাইজক #হিতাধিকাৰী সজাই মুখেৰে টু শব্দ কব নোৱাৰাকৈ আচনিৰ মেৰপাকত আবদ্ধ কৰি ৰখাৰ বাহিৰে কি কৰিছে এবাৰ নিজকে প্ৰশ্ন কৰক ?
আজি বেছি দীঘলীয়া নকৰো মাত্ৰ এটায়ে অনুৰোধ অসম আৰু অসমীয়াক লৈ হেতালী নেখেলিব ! অসমীয়াই আপোনালোকক নিম্ন মধ্যবিত্তৰ পৰা উচ্চ আদ্যবন্ত বনালে ! আৰু সেই অসমীয়াই আজি এসাজ ভাতৰ বাবে বানপানীৰ মাজত ককবকাইছে আৰু আপুনি তেনে তৰল কথাৰে পতিয়ণ নিয়াইছে যে #ৰেডিচনব্লু ৰ GST ৰ টকাৰে অসমলৈ লক্ষ্মী আদৰিছে !
আপুনি দক্ষ , দুৰদৰ্শী আৰু বিচক্ষণ মুখ্যমন্ত্ৰী হওক আমি প্ৰশংসা কৰিম কিন্তু বৰ্তমান আমাৰ দৃষ্টিত আপুনি এজন চতুৰ স্বাৰ্থপৰ মুখ্যমন্ত্ৰীহে !
মনত ৰাখিব সময় বৰ নিষ্ঠুৰ , সময়ৰ সৎ আৰু উচিত ব্যৱহাৰ কৰক ! সময়ে কাকো ক্ষমা নকৰে ! বহু বাঘা বাঘা নেতাই সময়ত ৰাইজক পতাৰণা কৰাৰ পৰিনামত জীৱনৰ আধা সময়ত নিসংগ , অৱহেলিত জীৱনৰ ক্ষণ গনি আছে !
ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক যাতে অসমৰ ভালৰ বাবে কাম কৰাৰ সুমতি দিয়ে ! ধাৰৰ টকাৰ অপব্যৱহাৰ কৰি আমাৰ ভৱিস্যত প্ৰজন্মক ধৰোৱা কৰি নামাৰিব । সপোন নাভাগিব অসমৰ যুৱক যুৱতীৰ ! এয়ে আহ্বান
এদিন আপুনি ভাগৰুৱা হৈ পৰিব তেতিয়া উপলব্ধি কৰিব যে বহু অসমৰ বাবে ভাল কাম কৰিবলৈ থাকি গল কেৱল তোষামোদকাৰীৰৰ বাঃবাঃ বুটলাহে হৈছিল !
ইতি
মীৰা বৰঠাকুৰ গোস্বামী
সাধাৰণ সচেতন এগৰাকী অসমীয়া নাগৰিক ।
২৪/৬/২০২২
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.