সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিশ্বকাপ ফুটবল – আৰ্জেণ্টিনা ফাইনেললৈ, আচল মেছিক দেখা পালে ডালিচে !!

জিতেন গগৈ

বিশ্বকাপ ফুটবল, ১৯৯০, ইটালী । বি গ্ৰুপৰ নিজৰ প্ৰথম খেলতেই পৰাজিত হ’ল আৰ্জেণ্টিনা । আফ্ৰিকান সিংহ কেমেৰুণৰ সন্মুখত প্ৰাক্তন বিজয়ী দলটো ২-১ গ’লত উজুতি খালে । কিন্তু তেওঁলোক বিচলিত হোৱা নাছিল । তাৰ পিছত ১৯৮৬ ৰ বিজয়ী আৰ্জেণ্টিনাই ছোভিয়েট ৰুচিয়াক ২-০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে ৰোমানিয়াৰ সৈতে ১-১-ত ড্ৰ ৰাখি তৃতীয় স্থান লাভ কৰে । সেই সময়ত ফৰমেট বেলেগ আছিল আৰু মুঠ ছটা গ্ৰুপৰ তৃতীয় স্থান পোৱা দলবোৰৰ ভিতৰত উন্নত স্থানেৰে কাণে কাণ মাৰি আৰ্জেণ্টিনা নক-আউট পৰ্যায়লৈ আগবাঢ়ে । পাছত তেওঁলোকৰ গতি সুকীয়া হ’ল আৰু মূৰকত ফাইনেলেই পালেগৈ । দ্বিতীয় ৰাউণ্ডত অন্যতম দাবীদাৰ ব্ৰাজিলকেই পৰাজিত কৰে, কেনিজিয়াৰ গ’লেৰে । কোৱাৰ্টাৰ ফাইনেলত তেতিয়াৰ যুগোশ্লাভিয়াক টাইব্ৰেকাৰত ৩-২ গ’লত আৰু আন এক টাইব্ৰেকাৰ সমাপ্তিৰে ঘৰুৱা ইটালীক ছেমি ফাইনেলত ৪-৩ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । তাৰ ৩০ বছৰৰ পাছত এইবাৰ সেই ইতিহাসৰে পুনৰাবৃত্তি । গ্ৰুপ লীগৰ প্ৰথম খেলত মেছিৰ পেনাল্টি-কিকৰ গ’লেৰে অগ্ৰগতি পালেও ছৌদি আৰৱে তেওঁলোকক ২-১ গ’লত হৰুৱাই ভাল চমক দেখুৱায় । পিছে পৰৱৰ্তী খেলবোৰত উপৰ্যুপৰি জয়ী হৈ তেওঁলোক আহি আহি ফাইনেলেই পালেহি । ছেমি ফাইনেলত যোৱাবাৰৰ ফাইনেলিষ্ট ক্ৰ’ৱেচিয়াৰ দৃঢ়তা একাষৰীয়া কৰি জয়ী হয় ৩-০ গ’লত । কেৱল জয়েই নহয়, পাৰ কৰি অহা প্ৰতিখন খেলতেই নিজক তেওঁলোকে অধিক সংগঠিত কৰি আহিছে । লেটিন আমেৰিকান ফ্লেভাৰ অক্ষুণ্ণ ৰখাৰ লগতে চমৎকাৰ ৰূপত দলীয়ভাৱে তেওঁলোক জিলিকি উঠিছে । এনে লাগে, যেন মেছিৰ প্ৰদৰ্শন তেওঁলোকৰ বাবে বোনাচৰ পৰ্যায়েই হৈছেগৈ ! কিন্তু মেছি থাকিলে, আলোচনাটো তেনেকৈ কৰিব পৰা নাযায় ! কাৰণ, মেছিৰ উপস্থিতিয়েই যথেষ্ট ।

৩৫ বছৰীয়া আৰু পাঁচ ফুট সাত ইন্সি উচ্চতাৰ এই গৰাকী খেলুৱৈয়ে খেলুৱৈ জীৱনত বহু সন্মান-ট্ৰফী জিকিছে । কিন্তু তেওঁৰ সংগ্ৰহত নাই বিশ্বকাপ । জীৱনৰ এইয়া হ’ল পঞ্চম আৰু খুউব সম্ভৱ অন্তিম বিশ্ব কাপ । সেয়ে বেছ সন্তৰ্পণে তেওঁ খোজ দিছে । প্ৰথমখন খেলৰ দৰে শেহতীয়া খেলতো গ’ল দিছে । ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে নিজে গ’ল দিয়াৰ বাদে আলভাৰেজৰ দুয়োটা গ’লত তেওঁৰ পাছেই নিৰ্ণায়ক হৈ ৰৈছিল । প্ৰতিযোগিতাত মেছিয়ে এই পৰ্যন্ত পাঁচটা গ’ল দিছে । সামগ্ৰিকভাৱে বিশ্ব কাপৰ ২৫ খন খেলত দিছে ১১ টা গ’ল। ছেমি ফাইনেলত হৰাৰ পিছত ক্ৰ’ৱেচিয়াৰ প্ৰশিক্ষক ডালিচে স্পষ্টকৈয়ে কয় যে মেছিৰ বাবেই তেওঁলোকৰ অগ্ৰগতি ৰুদ্ধ হ’ল ! “হয়, মই আচল মেছিক দেখা পাইছো !” ডালিচে কয়। আমিও ভাবো, ফাইনেলৰ প্ৰতিপক্ষ যিয়েই নহওক, এইষাৰ কথা সেইটো দলৰ বাবেও মহা সতৰ্কবাণী বিবেচিত হ’ব ! কাৰণ,আলভাৰেজৰ গ’লৰ সময়ত দিয়া পাছতে যাদুকৰ মেছিৰ এক ঝলক আমিও দেখিবলৈ পাইছিলো ।

- Donation -

Leave A Reply

Your email address will not be published.