বিশ্বকাপ ফুটবল – আৰ্জেণ্টিনা ফাইনেললৈ, আচল মেছিক দেখা পালে ডালিচে !!

বিশ্বকাপ ফুটবল, ১৯৯০, ইটালী । বি গ্ৰুপৰ নিজৰ প্ৰথম খেলতেই পৰাজিত হ’ল আৰ্জেণ্টিনা । আফ্ৰিকান সিংহ কেমেৰুণৰ সন্মুখত প্ৰাক্তন বিজয়ী দলটো ২-১ গ’লত উজুতি খালে । কিন্তু তেওঁলোক বিচলিত হোৱা নাছিল । তাৰ পিছত ১৯৮৬ ৰ বিজয়ী আৰ্জেণ্টিনাই ছোভিয়েট ৰুচিয়াক ২-০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে ৰোমানিয়াৰ সৈতে ১-১-ত ড্ৰ ৰাখি তৃতীয় স্থান লাভ কৰে । সেই সময়ত ফৰমেট বেলেগ আছিল আৰু মুঠ ছটা গ্ৰুপৰ তৃতীয় স্থান পোৱা দলবোৰৰ ভিতৰত উন্নত স্থানেৰে কাণে কাণ মাৰি আৰ্জেণ্টিনা নক-আউট পৰ্যায়লৈ আগবাঢ়ে । পাছত তেওঁলোকৰ গতি সুকীয়া হ’ল আৰু মূৰকত ফাইনেলেই পালেগৈ । দ্বিতীয় ৰাউণ্ডত অন্যতম দাবীদাৰ ব্ৰাজিলকেই পৰাজিত কৰে, কেনিজিয়াৰ গ’লেৰে । কোৱাৰ্টাৰ ফাইনেলত তেতিয়াৰ যুগোশ্লাভিয়াক টাইব্ৰেকাৰত ৩-২ গ’লত আৰু আন এক টাইব্ৰেকাৰ সমাপ্তিৰে ঘৰুৱা ইটালীক ছেমি ফাইনেলত ৪-৩ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । তাৰ ৩০ বছৰৰ পাছত এইবাৰ সেই ইতিহাসৰে পুনৰাবৃত্তি । গ্ৰুপ লীগৰ প্ৰথম খেলত মেছিৰ পেনাল্টি-কিকৰ গ’লেৰে অগ্ৰগতি পালেও ছৌদি আৰৱে তেওঁলোকক ২-১ গ’লত হৰুৱাই ভাল চমক দেখুৱায় । পিছে পৰৱৰ্তী খেলবোৰত উপৰ্যুপৰি জয়ী হৈ তেওঁলোক আহি আহি ফাইনেলেই পালেহি । ছেমি ফাইনেলত যোৱাবাৰৰ ফাইনেলিষ্ট ক্ৰ’ৱেচিয়াৰ দৃঢ়তা একাষৰীয়া কৰি জয়ী হয় ৩-০ গ’লত । কেৱল জয়েই নহয়, পাৰ কৰি অহা প্ৰতিখন খেলতেই নিজক তেওঁলোকে অধিক সংগঠিত কৰি আহিছে । লেটিন আমেৰিকান ফ্লেভাৰ অক্ষুণ্ণ ৰখাৰ লগতে চমৎকাৰ ৰূপত দলীয়ভাৱে তেওঁলোক জিলিকি উঠিছে । এনে লাগে, যেন মেছিৰ প্ৰদৰ্শন তেওঁলোকৰ বাবে বোনাচৰ পৰ্যায়েই হৈছেগৈ ! কিন্তু মেছি থাকিলে, আলোচনাটো তেনেকৈ কৰিব পৰা নাযায় ! কাৰণ, মেছিৰ উপস্থিতিয়েই যথেষ্ট ।

৩৫ বছৰীয়া আৰু পাঁচ ফুট সাত ইন্সি উচ্চতাৰ এই গৰাকী খেলুৱৈয়ে খেলুৱৈ জীৱনত বহু সন্মান-ট্ৰফী জিকিছে । কিন্তু তেওঁৰ সংগ্ৰহত নাই বিশ্বকাপ । জীৱনৰ এইয়া হ’ল পঞ্চম আৰু খুউব সম্ভৱ অন্তিম বিশ্ব কাপ । সেয়ে বেছ সন্তৰ্পণে তেওঁ খোজ দিছে । প্ৰথমখন খেলৰ দৰে শেহতীয়া খেলতো গ’ল দিছে । ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে নিজে গ’ল দিয়াৰ বাদে আলভাৰেজৰ দুয়োটা গ’লত তেওঁৰ পাছেই নিৰ্ণায়ক হৈ ৰৈছিল । প্ৰতিযোগিতাত মেছিয়ে এই পৰ্যন্ত পাঁচটা গ’ল দিছে । সামগ্ৰিকভাৱে বিশ্ব কাপৰ ২৫ খন খেলত দিছে ১১ টা গ’ল। ছেমি ফাইনেলত হৰাৰ পিছত ক্ৰ’ৱেচিয়াৰ প্ৰশিক্ষক ডালিচে স্পষ্টকৈয়ে কয় যে মেছিৰ বাবেই তেওঁলোকৰ অগ্ৰগতি ৰুদ্ধ হ’ল ! “হয়, মই আচল মেছিক দেখা পাইছো !” ডালিচে কয়। আমিও ভাবো, ফাইনেলৰ প্ৰতিপক্ষ যিয়েই নহওক, এইষাৰ কথা সেইটো দলৰ বাবেও মহা সতৰ্কবাণী বিবেচিত হ’ব ! কাৰণ,আলভাৰেজৰ গ’লৰ সময়ত দিয়া পাছতে যাদুকৰ মেছিৰ এক ঝলক আমিও দেখিবলৈ পাইছিলো ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296