এটা ষ্টীল কাৰখানাৰ মেনেজাৰ জৰ্জে আৰু এটা চুম্বক নিৰ্মাণ কাৰখানাৰ কৰ্মচাৰী চিলিয়াৰ মোটামুটী সুখী পৰিয়াল । ল’ৰা-ছোৱালী চাৰিটা । সৰু চহৰ ৰোজাৰিওৰ ওচৰ চুবুৰীয়াৰ সমনীয়াক দেখি জৰ্জেহঁতৰ সন্তানেও ফুটবল খেলিবলৈ লয় । জৰ্জে হ’ল ইটালিয়ান-স্পেনিছ মূলৰ । চিলিয়া ইটালিয়ান । জৰ্জে এটা সময়ত ফুটবলেই খেলিছিল । তেওঁলোকৰ তৃতীয় সন্তান লিঅ’ক পিছে ফুটবল খেলাত খুউব উত্সাহ দিছিল মাতৃৰ ফালৰ আইতাকে । সেই আইতাক চিলিয়াই ( মাতৃৰে একে নাম ) চাৰি বছৰীয়া লিঅ’ক অনুশীলনলৈ অনা-নিয়া কৰে । খেলৰ সময়ত বোন্দাপৰ দি ৰৈ থাকে বাহিৰত । কিবা যেন দেখা পাইছিল সেই বৃদ্ধাই । স্ৱপ্নও দেখিছিল চাগে ! পিচে লিঅ’ৰ একাদশ জন্মদিনৰ আগে-আগে বৃদ্ধাই ইহ সংসাৰ ত্যাগ কৰি গুচি গ’ল ক’ৰবালৈ ।
- Donation -
কেনি গ’ল ? অবুজ,উদবাউল লিঅ’ক মাক-দেউতাকে সান্তনা দিব খোজে …..আইতা সৌ ওপৰলৈ গ’ল ! তাৰ পৰাই তেওঁ আমাক সকলোকে চাই থাকে এতিয়া ! লিঅ’ই শুনিলে । আৰু কিবা বুজিলেও হয়তো ! গতিকে আইতাকক দেখুৱাই লিঅ’ই ফুটবল খেলি থাকিবলৈ ললে । আজিও খেলি আছে । তেওঁৰেই সম্পূৰ্ণ নাম লায়নেল মেছি, যিজনে গ’ল দিয়াৰ পিচত দুই হাত তুলি ওপৰত থকা সেই আইতাককে ষ্মৰণ কৰে আজিও !!