আইতাক আৰু  দুই হাত ওপৰলৈ তোলা মেছি !

Share This Article

এটা ষ্টীল কাৰখানাৰ মেনেজাৰ জৰ্জে আৰু  এটা চুম্বক নিৰ্মাণ কাৰখানাৰ কৰ্মচাৰী চিলিয়াৰ মোটামুটী সুখী পৰিয়াল । ল’ৰা-ছোৱালী চাৰিটা । সৰু চহৰ ৰোজাৰিওৰ ওচৰ চুবুৰীয়াৰ সমনীয়াক দেখি  জৰ্জেহঁতৰ সন্তানেও ফুটবল খেলিবলৈ লয় । জৰ্জে হ’ল ইটালিয়ান-স্পেনিছ মূলৰ । চিলিয়া ইটালিয়ান । জৰ্জে এটা সময়ত ফুটবলেই খেলিছিল । তেওঁলোকৰ তৃতীয় সন্তান লিঅ’ক পিছে ফুটবল খেলাত খুউব উত্সাহ দিছিল মাতৃৰ ফালৰ আইতাকে । সেই আইতাক  চিলিয়াই ( মাতৃৰে একে নাম ) চাৰি বছৰীয়া  লিঅ’ক অনুশীলনলৈ অনা-নিয়া কৰে । খেলৰ সময়ত বোন্দাপৰ দি ৰৈ থাকে বাহিৰত । কিবা যেন দেখা পাইছিল সেই বৃদ্ধাই ।  স্ৱপ্নও দেখিছিল চাগে ! পিচে লিঅ’ৰ একাদশ জন্মদিনৰ আগে-আগে বৃদ্ধাই ইহ সংসাৰ ত্যাগ কৰি গুচি গ’ল ক’ৰবালৈ ।

কেনি গ’ল ?  অবুজ,উদবাউল লিঅ’ক মাক-দেউতাকে সান্তনা দিব খোজে  …..আইতা  সৌ ওপৰলৈ গ’ল ! তাৰ পৰাই তেওঁ আমাক সকলোকে চাই থাকে এতিয়া ! লিঅ’ই শুনিলে । আৰু কিবা বুজিলেও হয়তো !  গতিকে আইতাকক দেখুৱাই লিঅ’ই ফুটবল খেলি থাকিবলৈ ললে । আজিও খেলি আছে । তেওঁৰেই  সম্পূৰ্ণ নাম লায়নেল মেছি, যিজনে  গ’ল দিয়াৰ পিচত  দুই হাত  তুলি ওপৰত থকা সেই  আইতাককে ষ্মৰণ কৰে আজিও !!

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.