৪৫ টা ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ১০ টা ইউটিউব চেনেলক

Share This Article

৪৫ টা ভিডিঅ’ ডিলিটৰ নিৰ্দেশ
ভিডিঅ’ ডিলিটৰ নিৰ্দেশ ১০ টা ইউটিউব চেনেলক
মনে সজা কাহিনীৰ আপলোড বন্ধ কৰাৰ আহ্বান

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইউটিউবৰ পৰা ৪৫ টা ভিডিঅ’ ডিলিট কৰিবলৈ নিৰ্দেশ দিছে৷

মুঠ ১০ টা চেনেলৰ পৰা এই ৪৫ টা ভিডিঅ’ ডিলিট কৰাৰ নিৰ্দেশ দিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে৷

“এই ভিডিঅ’ কেইটা ব্লক কৰাৰ নিৰ্দেশ বিগত ২৩ ছেপ্তেম্বৰতেই দিয়া হৈছিল”- এনেদৰে কয় বিভাগটোৰ বিষয়াই৷

দ্যা লাইভ টিভিৰ ইউটিউব চেনেলৰ পৰা ১৩ টা,হিন্দ ভয়ছৰ পৰা ৯ টা,ইনক্লাৱ লাইভৰ পৰা ৬ টা,দেশ ইণ্ডিয়া লাইভৰ পৰা ৬ টা,মিষ্টাৰ ৰিয়েকচনৱালা ইউটিউব চেনেলৰ পৰা ৪ টা,গেটচেটফ্লাই ফেক্টৰ পৰা ২ টা,ফ’ৰ পিএমৰ পৰা ২ টা আৰু নেশ্যনেল আড্ডা,ধ্ৰুৱ ৰাথে আৰু বিনয় প্ৰতাপ সিং ভূপাৰৰ পৰা ১ টাকৈ ভিডিঅ’ ডিলিট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মতে “ এই ভিডিঅবোৰত কিছুমান মিছা,মনেসজা বাতৰি আপলোড কৰা হৈছে যিবোৰে সমাজত শান্তি বিঘ্নিত কৰাৰ লগতে ধৰ্মীয় অসহিষ্ণুতাৰ সৃষ্টি কৰিব বুলি পতিয়ন গৈছে মন্ত্ৰালয়”

এই ভিডিঅ’ সম্পৰ্কত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় “ এই চেনেলবোৰ আৰম্ভ কৰাৰ উদ্দেশ্যই হৈছে সমাজত ঘৃণা বিয়পোৱা৷বিদেশী ৰাষ্ট্ৰৰ লগতো সম্পৰ্ক বেয়া কৰাটো এওঁলোকৰ লক্ষ্য৷এই প্ৰক্ৰিয়া আমাৰ চলি থাকিব৷সময়ে সময়ে আমি এই ব্যৱস্থা গ্ৰহণ কৰিম৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.