নীতিশ কুমাৰে আকৌ মাৰিব নেকি লুটি-বাগৰ?

Share This Article

বিহাৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শেহতীয়াকৈ আৰম্ভ কৰিলে তেওঁৰ পুৰণি পৰম্পৰা৷ ক্ষমতাৰ বাবে সকলো জলাঞ্জলি দিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰে চলিত বৰ্ষৰ ৩০ জানুৱাৰীত বিজেপিৰ লগ লাগিছিল যদিও কিন্তু তেওঁ যিকোনো মুৰ্হুততে সিদ্ধান্ত সলনি কৰিব পাৰে বুলি সদায় সন্দেহ আছিল সকলোৰে মনত৷ আনকি বিগত ১০ জুনত কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ চৰকাৰ গঠনৰ অংশীদাৰ হোৱাৰ পিছতো কিন্তু বিজেপি নিস্কণ্টক হ’ব পৰা নাই৷ তাৰমাজতেই বিহাৰৰ পৰা আহিছে এটা নতুন খবৰ৷

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ পথ নিৰ্মাণ বিভাগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা উন্নয়নৰ খতিয়ান ল’বলৈ এক বৈঠক আহ্বান কৰিছিল৷ উক্ত বৈঠকত বিভাগটোৰ সকলো বিষয়া -কৰ্মচাৰী উপস্থিত আছিল৷ কিন্তু নাছিল বিভাগীয় মন্ত্ৰী বিজয় সিনহা৷ এই বিজয় সিনহা কেৱল গড়কাপ্তানি বিভাগৰ মন্ত্ৰীয়েই নহয়, তেওঁ ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰীৰ দায়িত্বতো আছে৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল তেওঁৰ বিভাগৰ বৈঠকতেই তেঁৱেই অনিমন্ত্ৰিত হৈ থাকিল যদিও কিন্তু জনতা দল (ইউ)ৰ কাৰ্যকৰী সভাপতি সঞ্জয় ঝাক নিমন্ত্ৰণ জনোৱা হৈছিল বৈঠকলৈ৷

একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে স্পষ্ট কৰিব বিচাৰিছে যে তেওঁ বিজেপিক লৈ অসন্তুষ্ট৷ সেয়ে তেওঁ বিজেপিৰ দুয়োগৰাকী উপমুখ্যমন্ত্ৰী অবিহনেই বিভাগীয় বৈঠক অনুষ্ঠিত কৰি বিজেপি নেতৃত্বক বুজাই দিব খুজিছে৷

একেটা সময়তে বিভিন্ন ব্যক্তিৰ লগত সঘনাই বৈঠক অনুষ্ঠিত কৰি ৰাষ্ট্ৰীয় জনতা দল আৰু প্ৰশান্ত কিশোৰৰ নেতৃত্বত নতুনকৈ গঠন হ’বলগীয়া দলৰো সম্ভেদ প্ৰতিদিনেই লৈ আছে নীতিশ কুমাৰে৷ উল্লেখ্য বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁৰ কেবিনেটত বিজেপিৰ ফালৰ পৰা দুজন উপমুখ্যমন্ত্ৰী বিচৰা নাছিল৷ কিন্তু বিজেপিয়ে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাক উপ-মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ পৰাই অসন্তুষ্ট হৈ আছিল নীতিশ কুমাৰ৷ তদুপৰি বিশেষ ৰাজ্যৰ মৰ্যাদাৰ পৰা বিহাৰক বঞ্চিত কৰা,তেওঁৰ ঘনিষ্ঠক ED,CBI ৰ জৰিয়তে তদন্ত কৰোৱা আদি বিষয়ে অসন্তুষ্ট কৰি ৰাখিছে বিজেপিক৷ অৱশ্যে নীতিশ কুমাৰৰ স্থিতি আগন্তুক দিনত কি হ’ব সেইটো এতিয়াই কৈ দিয়া টান৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.