Opposition Parties in Assam: অসমত বিৰোধী ‘ছিৰিয়াছ’ হ’ব কেতিয়া?

Share This Article

Opposition Parties in Assam: বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ অখিল গগৈয়ে কালি কৈ দিলে যে ৰাইজৰ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচন ছিৰিয়াছলি খেলাই নাছিল৷ এটা ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব আৰু ছিৰিয়াছ নহ’ব– এই বিষয়টোক লৈ এতিয়া উত্তৰ নিৰ্বাচন কেন্দ্ৰিক নতুন বিতৰ্কৰ সৃষ্টি হৈছে৷ ৰাইজেই প্ৰশ্ন উত্থাপণ কৰিছে– বিৰোধী ছিৰিয়াছ হ’ব কেতিয়া?

কংগ্ৰেছসহ আন বিৰোধী দলসমূহে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পাছত ৭ টা আন নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পাছত প্ৰথমটো উপ নিৰ্বাচন, তাৰ পাছত লোকসভা নিৰ্বাচন, ২০২৪ ৰ লোকসভাৰ পাছত আৰু এটা উপ নিৰ্বাচন, ডিমাহাচাও, কাৰ্বি আংলং আৰু ৰাভা হাছঙৰ উপ নিৰ্বাচন আৰু শেহতীয়া পঞ্চায়ত নিৰ্বাচন৷ এই আটাইকেইটা নিৰ্বাচনতেই শোচনীয় পৰাজয়ৰ মুখ দেখিছে বিৰোধী শিবিৰে৷ তাৰ মাজত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে পোনপটীয়া প্ৰতিদ্বন্দিতাত আছিল কংগ্ৰেছ দল৷ সেইবাবেই কংগ্ৰেছৰ পৰাজয়ৰ ষ্ট্ৰাইক ৰেট নিশ্চয় বেছি হ’ব৷ কিন্তু এই মুহূৰ্তত কংগ্ৰেছক সুকীয়াকৈ ৰাখি আলোচনা কৰাতকৈ সামগ্ৰিকভাৱে বিৰোধীৰ ব্যৰ্থতাহে আলোচনা হোৱা উচিত৷ কাৰণ, শেহতীয়া পঞ্চায়ত নিৰ্বাচনত আটাইবোৰ বিৰোধী দলেই গাইগুটীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ল আৰু আটায়ে বিজেপিক প্ৰতিহত কৰাত ব্যৰ্থ হ’ল৷

লগতে পঢ়ক: India-China Dispute: আকৌ মূৰ দাঙি উঠিছে অৰুণাচলক লৈ চীন-ভাৰতৰ বিবাদ!

মিত্ৰতাৰ বিষয়টোক আছুতীয়াকৈ ৰাখি যদি বিৰোধীৰ ব্যৰ্থতাৰ বিষয়টো পৰ্যালোচনা কৰা হয়, তেতিয়াও প্ৰশ্ন হ’ব – বিৰোধী আচলতে নিৰ্বাচনক লৈ কিমান ছিৰিয়াছ? সাতটাকৈ নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত কংগ্ৰেছে তাৰ পৰ্যালোচনা কৰিছেনে? ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি আন আন বিৰোধী দলসমূহে নিৰ্বাচনৰ পাছত সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে মেহনত কৰিছেনে? নে কেৱল সংবাদমেল আৰু বিবৃতিৰ মাজতেই চলি আছে অসমৰ বিৰোধী ৰাজনীতি? সৰ্বোপৰি বিজেপিৰ হিন্দুত্ব আৰু হিতাধিকাৰীৰ ৰাজনীতিক কিদৰে প্ৰত্যাহ্বান জনাব, তাৰ কোনো ৰণকৌশলেই আজিলৈকে ঠিৰাং কৰিব নোৱাৰিলে অসমৰ বিৰোধী শিবিৰে৷ বিজেপিৰ হিন্দুত্ব আৰু হিতাধিকাৰী কেন্দ্ৰিক আগ্ৰাসী প্ৰচাৰৰ সন্মুখত বিৰোধীয়ে এটা সবল বাগধাৰা তুলি ধৰাত লাজলগাকৈ ব্যৰ্থ হৈছে৷ যাৰ বাবে জনতাৰ আস্থাৰ তুলাচনীৰ পৰা  বাৰে বাৰে খহি পৰিছে বিৰোধী দলসমূহ৷

সৰ্বভাৰতীয় প্ৰেক্ষাপটত যদি শেহতীয়া লোকসভা নিৰ্বাচনৰ প্ৰসংগ আলোচনা কৰা হয়, তেতিয়া দেখিম যে বিজেপিৰ মুকলি হিন্দুত্ব আৰু হিতাধিকাৰী ৰাজনীতিৰ বিকল্প হিচাপে বিৰোধীয়ে জাতিগত জনগণনা আৰু সংবিধান সলনিৰ ইছ্যু দাঙি ধৰিছিল৷ অৰ্থাৎ ভোটাৰৰ আগত বিজেপিৰ এটা বিকল্প পথো বিৰোধীয়ে তুলি ধৰিছিল৷এই প্ৰচেষ্টাত বিৰোধী সামান্য সফল হ’ল৷ কিন্তু তাৰ পাছত ৰাজ্যই ৰাজ্যই অনুষ্ঠিত হোৱা নিৰ্বাচনসমূহত কোনো স্থানীয় বিষয় এটাক বিৰোধীয়ে ৰাজনীতিৰ কেন্দ্ৰবিন্দুত পৰিণত কৰাত ব্যৰ্থ হ’ল৷ লগতে লোকসভাৰ অপ্ৰত্যাশিত ফলাফলৰ পাছত বিৰোধীয়ে সন্তুষ্টিৰ বিলাসিতা কৰাৰ বিপৰীতে বিজেপি নামি পৰিল সাংগঠনিক খুটি নাটিসমূহ ঠিক কৰাত৷ তাৰ ফলাফলো সকলোৰে চকুৰ আগত৷ অসমো ব্যতিক্ৰম নহয়৷ না বিকল্প ৰাজনৈতিক পথ, না শক্তিশালী সাংগঠনিক ভেটি, ইয়াৰে কোনো এটা নোহোৱাকৈ বিজেপিক যে পৰাজিত কৰিব পৰা নাযায়, সেই সামান্য সত্যটো অসমৰ বিৰোধী দলসমূহে বুজি নুঠাটো জনসাধাৰণৰ বাবেই দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে৷ সেইবাবেই পঞ্চায়ত নিৰ্বাচনে এৰি থৈ যোৱা সহজ প্ৰশ্নটো হৈছে – সাতটাকৈ নিৰ্বাচনত পৰাজয়ৰ পাছত বিৰোধী ছিৰিয়াছ হ’ব কেতিয়া?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.