ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষার্থীলৈ সহাৰি নাই কিয় ভাৰত চৰকাৰৰ?

Share This Article

অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ আশংকা। ইতিমধ্যে ৰাছিয়াৰ সেনাই দখল কৰিছে ইউক্ৰেইনৰ লুহান্স আৰু দনেটস্ক নামৰ দুই অঞ্চল। সেয়েহে শংকিত হৈ পৰিছে অঞ্চলটোত আবদ্ধ স্থানীয় লোকৰ ওপৰিও বহুত ভাৰতীয় শিক্ষাৰ্থী তথা তেওঁলোকৰ পৰিয়াল। তাৰ মাজৰ এজন ছাত্ৰ হ’ল প্ৰজ্জল তিৱাৰী। তেওঁ ইউক্ৰেইনৰ টেৰনপীল চহৰত এম বি বি এছ পাঠ্যক্ৰম কৰি আছে। খবৰ অনুসৰি মংগলবাৰে সন্ধ্যা ছাত্ৰজন ইউক্ৰেইনৰ ৰাজধানী ক্যীভত উপস্থিত হয় আৰু আজি কাজাকিস্তান হৈ দিল্লীত উপস্থিত হ’ব।
ক্যীভত প্ৰজ্জলে দৈনিক ভাস্কৰক দিয়া ভাষ্য অনুসৰি এই বিপদকালীন পৰিস্থিতিত ভাৰতে কোনো সহায়ৰ হাত আগবঢ়োৱা নাই ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলৰ প্ৰতি। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ আশংকা বৃদ্ধি পোৱাত ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় এম্বেছীয়ে ফেচবুকত এক অধিসূচনা জাৰি কৰি ইউক্ৰেইনত আবদ্ধ ভাৰতীয় লোকসকলক অস্থায়ীৰূপে ইউক্ৰেইন ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। ছাত্ৰজনে জনায় যে তাৰ পৰৱৰ্তী সময়ত ভাৰতীয় এম্বেছীলৈ ৫০০ৰো অধিক ইমেইল প্ৰেৰণ কৰে যদিও কোনো নিশ্চিত সঁহাৰি তেওঁলোকে এতিয়ালৈ পোৱা নাই। এম্বেছীয়ে মাথো বিশ্ববিদ্যালয়ৰ লগত সম্পৰ্কত আছে বুলিহে জানিব দিয়ে এক ইমেইল যোগে। আনহাতে প্ৰজ্জলে জনায় যে তেওঁলোকে বিচাৰে যে অনলাইন পাঠদান অব্যাহত থাকক। কিন্তু এই ক্ষেত্ৰতো কোনো সহায় পোৱা নাই ভাৰত চৰকাৰৰ পৰা ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.