Investigative reporting with dedication.

দেওবাৰে আন্তৰাষ্ট্ৰীয় অলিম্পিক সংস্থা(IOC)ই অলিম্পিক ক্ৰীড়াৰ পৰা কেতবোৰ নিৰ্দিষ্ট খেল বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জি নিউজত প্ৰকাশ হোৱা খবৰ অনুসৰি, IOCৰ সদস্যই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভাৰোত্তোলন বিভাগত দেখা দিয়া ড’পিঙৰ সমস্যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ যদি অলিম্পিক সংস্থাই ভাৰোত্তোলন ক্ৰীড়াক অলিম্পিকৰ পৰা বাদ দিয়ে, তেন্তে মীৰাবাঈ চানুকে ধৰি ভাৰতৰ ভাৰোত্তোলক খেলুৱৈৰ বাবে এয়া এক বেয়া খবৰ হিচাপে পৰিগণিত হ’ব৷ টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা মীৰাবাঈ চানুৱে পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে অলিম্পিক সংস্থাৰ শেহতীয়া সিদ্ধান্তই মীৰাবাঈ চানুকে ধৰি ভাৰোত্তোলকসকলৰ বাবে দুখৰ খবৰ কঢ়িয়াই আনিব পাৰে৷




