সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানী ঘাটিক লক্ষ্য কৰি পঞ্জশীৰৰ আকাশত কাৰ যুদ্ধ বিমান?

তালিবানে পঞ্জশীৰ দখল কৰা বুলি দাবী কৰাৰ এদিন পিছতেই উপত্যকাটোৰ তালিবানৰ ঘাটিক লক্ষ্য কৰি চলিল বিমান আক্ৰমন৷তালিবানে আফগানিস্তানৰ অধিকাংশ অঞ্চল দখল কৰাৰ পিছতেই পঞ্জশীৰত বিদ্ৰোহী শক্তিক ঐক্যবদ্ধ কৰি তুলিছিল এন আৰ এফে৷পঞ্জশীৰ আক্ৰমন কৰিবলৈ যোৱা তালিবানী সেনাই এন আৰ এফৰ হাতত প্ৰাণ হেৰুৱাইছিল বুলিও দাবী কৰিছিল বিদ্ৰোহী শক্তিটোৱে৷শেহতীয়াকৈ পঞ্জশীৰ নিজৰ দখললৈ অনাৰ দাবী কৰিছে তালিবানে৷কিন্তু তালিবানৰ দাবীৰ এদিন পিছতেই পঞ্জশীৰ আকাশত উৰিল যুদ্ধ বিমান৷তালিবানী ঘাটিক লক্ষ্য কৰি চলিল আক্ৰমণ৷আফগানিস্তানৰ স্থানীয় সংবাদ পত্ৰত প্ৰকাশ পাইছে এই আক্ৰমণৰ ঘটনা৷

Leave A Reply

Your email address will not be published.