সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক ৰামায়ণ আৰু মহাভাৰত শিকাবলৈ সাজু হৈছে বিজেপি

RSSৰ প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰ আৰু জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ জীৱন পাঠ MBBS পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ অভিসন্ধি উন্মোচন হোৱাৰ পিছত এইবাৰ মধ্য প্ৰদেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে ৰামায়ণ, মহাভাৰত আৰু লগতে ৰামে লংকাত উপস্থিত হ'বলৈ…

২২ ছেপ্টেম্বৰত আমেৰিকলৈ যাব মোডীঃ কি কলে ৰাষ্ট্ৰপতি জ’ বাইডেনে?

অহা ২২ ছেপ্টেম্বৰত আমেৰিকালৈ উৰা মাৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২৪ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে ৱাশ্বিংটনত এক বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০২১ চনৰ জানুৱাৰীত বাইডেনে কাৰ্যভাৰ গ্ৰহণ…

কিয় দেশত অত্যাধিক হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত শিশুৰ সংখ্যা?

দেশত ক'ভিডৰ দ্বিতীয় ঢৌয়ে তাণ্ডৱ চলাই থকাৰ সময়ত বহু বিশেষজ্ঞই উদ্বেগ প্ৰকাশ কৰিছিল যে ক'ভিডৰ তৃতীয় ঢৌয়ে দেশৰ শিশু সকলক বিশেষভাৱে সংক্ৰমিত কৰিব পাৰে। এক বিশেষ প্ৰতিবেদনৰ শেহতীয়া পৰিসংখ্যা অনুসৰি ১-১০ বছৰীয়া শিশুৰ ক্ষেত্ৰত ক'ভিড সংক্ৰমণ…

আজিৰে পৰা উৎকত গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়েঃ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ

উৎকত গৰমে দহিচে ৰাজ্য। যোৱা এসপ্তাহ ধৰি প্ৰখৰ ৰদে জ্বলা কলা খুৱাইছে ৰজ্যবাসীক। কিন্তু আজিৰে পৰা গৰমৰ পৰা কিছু সকাহ পাব অসমকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ জনসাধাৰণে। অসমত আজি বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই…

Just in- মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

অৱশেষত আজি উদ্ধাৰ হ'ল ভয়ংকৰ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ কৰা হৈছে মৃতদেহটো । ঘটনাস্থলীলৈ ইতিমধ্যেই ৰাওনা হৈছে SDRFৰ দল। উল্লেখ্য যে মাজুলীৰ গড়মুৰ চিকিৎসালয়ৰ চিকিৎসক আছিল…

ৰাজনৈতিক মেৰপেচত পণবন্দী আফগানী জনতাঃ পঞ্জশিৰত ২০ গৰাকী নাগৰিকক হত্যা কৰিলে তালিবানে

আফগানিস্তানৰ পঞ্জশিৰত তালিবান আৰু আফগান ৰেজিচটেন্স ফ'ৰ্চৰ মাজত এতিয়াও অব্যাহত আছে সামৰিক সংঘৰ্ষ। অৱশ্যে তালিবানে দাবী কৰিছে যে পঞ্জশিৰ জিলা তেঁওলোকে ইতিমধ্যেই দখল কৰিছে। আনহাতে ৰেজিচটেন্স ফ'ৰ্চৰ ভাষ্য অনুসৰি পঞ্জশিৰ জিলাৰ ৬০ শতাংশ অঞ্চল…

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি সম্পৰ্কে কি ক’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে?

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি আৰু আয়ৰ প্ৰমাণপত্ৰক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ফেচবুক যোগে দিছে এক বিশেষ স্পষ্টীকৰণ "শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ…

আজি হিন্দী দিৱস। কিন্তু ভাৰতৰ চৰকাৰী ভাষা হিন্দী কেনেকৈ হ’ল?

আজি হিন্দী দিৱস। ১৯৪৯ চনৰ আজিৰ দিনটোতেই হিন্দীক ভাৰতৰ চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। দৰাচলতে যেতিয়া ১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল তেতিয়া স্বাধীন ভাৰত বহু গুৰুতৰ সমস্যাৰ মুখামুখি হৈছিল। স্বাধীনতাৰ পিছত ভাৰতৰ দৰে নানা জাতি নানা ধৰ্মৰ নাগৰিক…

প্ৰবীণ কংগ্ৰেছী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ বিয়োগ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য অস্কাৰ ফাৰ্ণাণ্ডেজৰ মঙলবাৰে মাংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ফাৰ্ণাণ্ডেজ ইউপিএ চৰকাৰৰ কেন্দ্ৰীয় পথ - পৰিবহন , শ্ৰম আৰু নিযুক্তি দপ্তৰৰ …

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ভূপেন্দ্ৰ পেটেলে

তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পিছত আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে গান্ধীনগৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰিলে ভূপিন্দৰ পেটেলে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত আজি আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ…