ৰাজনৈতিক মেৰপেচত পণবন্দী আফগানী জনতাঃ পঞ্জশিৰত ২০ গৰাকী নাগৰিকক হত্যা কৰিলে তালিবানে

Share This Article

আফগানিস্তানৰ পঞ্জশিৰত তালিবান আৰু আফগান ৰেজিচটেন্স ফ’ৰ্চৰ মাজত এতিয়াও অব্যাহত আছে সামৰিক সংঘৰ্ষ। অৱশ্যে তালিবানে দাবী কৰিছে যে পঞ্জশিৰ জিলা তেঁওলোকে ইতিমধ্যেই দখল কৰিছে। আনহাতে ৰেজিচটেন্স ফ’ৰ্চৰ ভাষ্য অনুসৰি পঞ্জশিৰ জিলাৰ ৬০ শতাংশ অঞ্চল এতিয়াও তেঁওলোকৰ দখলতে আছে। ইয়াৰ মাজতে BBCয়ে প্ৰকাশ কৰা এক বিশেষ প্ৰতিবেদন অনুসৰি পঞ্জশিৰত সাধাৰণ নাগৰিকৰ তেজেৰে ফাকু খেলিছে তালিবানে। আনকি নৃশংস তালিবানে ২০ জনকৈ সাধাৰণ আফগানী নাগৰিকক হত্যা কৰিছে। এই মৃত ২০ গৰাকী ব্যক্তিৰ ভিতৰত এজন দোকানীও আছে। স্থানীয় আফগানী জনতাৰ মতে তালিবান অহাৰ পিছতো সেই দোকানীজন পলাই যোৱা নাছিল। তেওঁ এজন দৰিদ্ৰ দোকানী আছিল আৰু যুদ্ধৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাছিল। তেওঁক তালিবানে ৰেজিচটেন্স ফ’ৰ্চৰ যোদ্ধা সকলক চিম বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছত হত্যা কৰি মৃতদেহটো তেওঁৰ ঘৰত পেলাই দিছিল। মানুহ জনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.