ৰাজ্যত অবাধ গতিত চলিছে ছিণ্ডিকেট

Share This Article

কোকৰাঝাৰৰ DTO সোমেশ্বৰ ব্ৰহ্মক গ্ৰেপ্তাৰ | DTO সোমেশ্বৰ ব্ৰহ্মৰ বাসগৃহৰ পৰা উদ্ধাৰ ৩৬ লাখ টকা

সোমেশ্বৰ ব্ৰহ্মই নহয় তিনি এনফৰ্চমেণ্ট চেকাৰকো গ্ৰেপ্তাৰ আৰক্ষীৰ। শেহতীয়াকৈ ৰাজ্যত ছিণ্ডিকেটৰাজৰ চলিছে অবাধ দপদপনি। কোকৰাঝাৰ জিলাৰ অসম-পশ্চিমবঙ্গ সীমান্তৰ শ্ৰীৰামপুৰত চলি থকা ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে। অভিযানকালত DTO সোণেশ্বৰ ব্ৰহ্মৰ বাসগৃহৰ পৰা ৩৬ লাখ টকা নগদ ধন জব্দ হোৱাৰ পাছতেই সকলোৰে চকু কপালত উঠিছে। এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে ৰাজ্যৰ বিজেপি শাসিত চৰকাৰখনৰ শাসনৰ সময়ছোৱাত অবাধ গতিত চলি আছে পৰিবহণ ছিণ্ডিকেট।

শ্ৰীৰামপুৰত অবাধ হাৰত চলিছে বৃহৎ ছিণ্ডিকেট | ছিণ্ডিকেটৰাজৰ বৃহৎ ক’লা বজাৰখন হৈ পৰিল পুনৰ স্পষ্ট
শ্ৰীৰামপুৰত টাইলছৰ ট্ৰাকত গুণ্ডাকৰ আৰোপৰ পৰিণতিত গ্ৰেপ্তাৰ ৩ জন | বিজেপি চৰকাৰে দিশপুৰৰ মছনদ দখল কৰিয়েই কৈছিল ৰাজ্যৰ পৰা আঁতৰিব ছিণ্ডিকেটৰাজ। কিন্ত এতিয়াও ৰাজ্যত অবাধ দপদপনি চলিয়েই আছে ছিণ্ডিকেটৰাজৰ। DTO সোণেশ্বৰ ব্ৰহ্মক গ্ৰেপ্তাৰৰ পাছতেই গোঁসাইগাঁও আৰক্ষীয়ে আৰম্ভ কৰে অভিযান। গ্ৰেপ্তাৰ কৰা হয় জিলাখনত কৰ্মৰত তিনি এনফৰ্চমেণ্ট চেকাৰ ক্ৰমে বালাজান তিনিআলিৰ ৰিচাৰ্ড মুছাহাৰী, বড়োছা বেংক কলনীৰ মনোজ বসুমতাৰী আৰু ৰবীন্দ্ৰ নগৰৰ সৌভিক দে’ক। গোঁসাইগাঁও থানাত পন্জীয়নকৃত ৩৮৬/২২ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ছিণ্ডিকেট মাফিয়াৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে। আৰু এই অভিযানত এইপৰ্যন্ত গ্ৰেপ্তাৰ হৈছে ৯ জনকৈ লোক। কিন্ত প্ৰশ্ন হৈছে কাৰ ছত্রছায়াত চলিছে শ্ৰীৰামপুৰ ছিণ্ডিকেট। শ্ৰীৰামপুৰেৰে অসমত প্ৰৱেশ কৰা প্ৰতিখন গাড়ীৰ পৰাই সংগ্ৰহ কৰা হয় গুণ্ডাটেক্স। ইতিমধ্যে DTOক গ্ৰেপ্তাৰ কৰাৰ পাছতেই
ছিণ্ডিকেটৰাজৰ মূল মাষ্টাৰমাইণ্ড শাসক দলৰ MCLA সজল সিংহৰ আত্মগোপন!
সজল সিংহৰ নেতৃত্বতেই শ্ৰীৰামপুৰত প্ৰতিখন মালবাহী ট্ৰাকৰ পৰাই সংগ্ৰহ কৰা হৈছিল গুণ্ডাটেক্স। অৰ্থাৎ শাসকীয় দল বিজেপিৰ ছত্ৰ-ছায়াতেই ৰাজ্যত অবাধে চলিছে নেকি পৰিবহনৰ ছিণ্ডিকেট। সোমেশ্বৰ ব্ৰহ্ম মোছাহাৰীক গ্ৰেপ্তাৰৰ পাছতেই গোঁসাইগাঁৱৰ আমিন বসুমতাৰী, গল্ড’ন বসুমতাৰী, মিজানুৰ মোগল, শিমলটাপুৰ জাহিদুল আহমেদ আৰু ইছলাম শ্বেখে আত্মগোপন কৰিছে। বাৰে বাৰে ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত পুঠি-খলিহনা জালত পৰে, কিন্ত ৰৌ-বৰালী বাচি যায়। উল্লেখযোগ্য যে ছিণ্ডিকেটৰ মূল মাষ্টাৰমাইণ্ড সজল সিংহ BTRৰ নিৰ্বাচনত শ্ৰীৰামপুৰ পৰীষদীয় নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি বিজয়ী হৈ পৰৱৰ্তী পৰ্যায়ত শাসকীয় দল বিজেপিত যোগদান কৰে। এককথাত ক’বলৈ গ’লে , শ্ৰীৰামপুৰ ছিণ্ডিকেটৰ আঘোষিত সম্ৰাট সজল সিংহ!
কিন্ত গ্ৰেপ্তাৰ হ’বনে সজল সিংহ। কাৰণ শেহতীয়াকৈ DTO সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ সৈতে পশ্চিমবংগৰ পৰা মাৰ্বল আৰু টাইলছ কঢ়িওৱা ট্ৰাকৰ অবাধ গুণ্ডাটেক্স সংগ্ৰহত নামি পৰিছিল বিজেপি নেতা সজল সিং। টাইলছ আৰু মাৰ্বলৰ ট্ৰাকত হাত দিয়েই যেন বিপদত পৰিল সজল এণ্ড কোম্পানী। DTO গ্ৰেপ্তাৰ হ’ল ঠিকেই কিন্ত আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই ছিণ্ডিকেটৰাজৰ অঘোষিত সম্ৰাট সজল সিঙক। এইবাৰো সাৰি যাব নেকি সজল সিং। দিশপুৰৰ কোনো বিশেষ মানুহৰ আশীৰ্বাদপুষ্ট নেকি বিজেপি নেতা সজল সিং। শ্ৰীৰামপুৰত চলি থকা অবাধ ছিণ্ডিকেটৰ বিৰুদ্ধে সংবাদমেলযোগে ক্ষোভ উজাৰিলে আম আদমী পাৰ্টীয়ে।

ছিণ্ডিকেটৰাজ মুক্ত কৰিব বিচৰা ৰাজ্য অসমত এতিয়া বিজেপি নেতাৰ ছত্ৰছায়াতেই চলি আছে অবাধ ছিণ্ডিকেট।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.