সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘মোৰ মনত ভেদ ভাৱ নাই অ আল্লা…’

শিৱসাগৰ মেটেকাৰ এটি মুছলমান পৰিয়ালে দেখুওৱালে সম্প্ৰীতিৰ নিদৰ্শন।খলিলুৰ ৰহমান হাজৰিকাই শিৱসাগৰ মেটেকা সেউজ নগৰত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ নামঘৰ প্ৰতিষ্ঠাৰ বাবে আগবঢ়ালে ভূমি।শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক হিচাপেও দায়িত্বত থকা জ্যেষ্ঠ সাংবাদিক খলিলুৰ ৰহমান হাজৰিকাই নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান দিয়াত সন্তোষ প্ৰকাশ কৰিছে মেটেকা সেউজনগৰৰ ৰাইজে।শংকৰ আজানৰ দেশত এয়া সম্প্ৰীতি, একতাৰ উৎকৃষ্ট উদাহৰণ আৰু সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ ৰ’ব বুলি মন্তব্য কৰিছে ৰাইজে।শিৱসাগৰত হিন্দু মুছলমান হিচাপে ধৰ্মৰ ভেদাভেদ আগতেও নাছিল, বৰ্তমানেও নাই, আগলৈয়ো নাথাকে বুলি সদৰী কৰে ভূমিদাতা খলিলুৰ ৰহমান হাজৰিকাই।

Leave A Reply

Your email address will not be published.