ৰিয়ানৰ ওপৰত ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দৃষ্টি পৰিবনে ?

●জীতেন গগৈ

বিজয় হাজাৰে ট্ৰফীত ১২৩ ষ্ট্ৰাইক-ৰেটেৰে অসমৰ ৰিয়ান পৰাগৰ ৫৫২ ৰান !দুটাকৈ শতৰান আৰু অৰ্দ্ধ শতৰান !৯ টা ইনিংছত ৩০ টা ছয় আৰু ৩৭ টা চাৰি !নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিব নে ?মহাৰাষ্ট্ৰৰ বিৰুদ্ধে আহমেদাবাদত চলি থকা বিজয় হাজাৰে ট্ৰফীৰ ছেমি ফাইনেলত ১৫ ৰানত (১১ টা বলত দুটা ছয় ) আউট হলেও ৰিয়ান পৰাগে ৯ খন খেলৰপৰা অসমৰ হৈ সৰ্বাধিক ৫৫২ ৰান সংগ্ৰহ কৰে । এইবাৰৰ অভিযানত তেওঁ এবাৰ নট-আউট থাকি দুটাকৈ অৰ্দ্ধ শতৰানো কৰে । ইনিংছে প্ৰতি গড় ৰান হ’ল ৬৯.০০ । ষ্ট্ৰাইক- ৰেট ১২৩.২১ । ৰিয়ানে মুঠতে ৩০ টা ছয় আৰু ৩৭ টা চাৰি কোবায় ।দুৰন্ত ফৰ্মত থকা ৰিয়ানে ইয়াৰ আগেয়ে জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে ১৭৪ আৰু ৰাজস্থানৰ বিৰুদ্ধে ১১৭ ৰানেৰে দুটা শতৰানৰ ইনিংছ খেলিছিল । বিধ্বংসী ইনিংছদুটাত ২১ বছৰীয়া বেটাৰগৰাকীয়ে জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ১১৬ টা বল খেলি ১২ টাকৈ চাৰি আৰু ছয় কোবাইছিল । বিজয় হাজাৰে ট্ৰফীত অসমৰ এইয়াই ব্যক্তিগত সৰ্বোচ্চ স্ক’ৰ । পূৰ্বৰ অপৰাজেয় ১৬৩ ৰানৰ ৰেকৰ্ড আছিল স্ৱৰূপম পুৰকায়স্থৰ নামত ( ২০১৯ চিজনত, মিজোৰামৰ বিৰুদ্ধে ) । আনহাতে ৰিয়ানে ৰাজস্থানৰ বিৰুদ্ধে ১১৭ ৰান কৰিছিল মাত্ৰ ৮৪ টা বল খেলি, ১০ টা চাৰি আৰু ছটা ছয়ৰ সহযোগত ।ৰিয়ানৰ এই প্ৰদৰ্শনে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে নে নকৰে, তাক চাবলগীয়া হ’ব । তাতে এইবাৰ BCCIৰ যুটীয়া সম্পাদক নিৰ্বাচিত হৈছে অসমৰে দেৱজিত শইকীয়া ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296