আজি হেনো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন

Share This Article

●ললিত গগৈ

আজি হেনো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন ।আজিকালি চেনেল-প’ৰ্টেলৰ এটা নতুন ট্ৰেণ্ড হৈছে ৰাজনৈতিক নেতা-মন্ত্ৰী-বিধায়কক জন্মদিনৰ শুভেচ্ছা জনাই দুষাৰ বাক্য লিখা ।ক’তা ! দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী, আনকি ৰাজ্যখনৰ সৰ্ববৃহৎ আন্দোলন এটা নেতৃত্ব লোৱা মহন্তক দেখোন কোনেও শুভেচ্ছা দিয়া দেখা নাই । অথচ তেৱেঁই যদি আজি ক্ষমতাত থাকিলেহেতেঁন তেন্তে কােনে আগতে শুভেচ্ছা দিব পাৰে তাৰ প্ৰতিযোগিতা চলিলেহেঁতেন ।সেয়ে পুৰণি কিতাপৰ মাজৰ পৰা লেখাটোত সংলগ্ন কৰা কিথাপখন খোঁচৰি উলিয়ালো।পুথিখনৰ গুৰুত্ব এইবাবেই যে এইখন প্ৰবীণ স্বাধীনতা সংগ্ৰামীসকলে যুগুতাই মহন্ত মুখ্যমন্ত্ৰী হৈ থাকোতেই প্ৰকাশ কৰি উলিয়াইছিল।তেওঁক অসমৰ মহানায়ক আৰু স্বাধীনতাৰ পিচত বৃহত্তৰ অসম আৰু অসমীয়া জাতিৰ হকে চিন্তা কৰা একমাত্ৰ জননেতা আখ্যা দিয়া হৈছিল । মহন্তই দুটা কাৰ্যকালত ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰা কাম-কাজবোৰৰ তালিকাও তাত আছে।পোনপ্ৰথমবাৰৰ বাবে মুক্তিযোদ্ধাৰ পেন্সন বৃদ্ধিৰ পৰা অসমৰ বস্ত্ৰশিল্পৰ পুনৰুদ্ধাৰ কৃষি উৎপাদনৰ অভিলেখ ,জাপানলৈ বাণিজ্যিক সম্প্ৰসাৰণ, খাৰুৱা তেলৰ ৰয়েল্টি বৃদ্ধি,কেন্দ্ৰৰ পৰা ৯০ শতাংশ অনুদান ১০ শতাংশ ঋণৰ সুবিধা, গুৱাহাটীত দুখনকৈ অভাৰব্ৰীজ,গোপীনাথ বৰদলৈক ভাৰত ৰত্নলৈকে মহন্তৰ কৃতিত্বৰ লেখিব নোৱৰা অভিলেখ আৰু বন্দনা।মুক্তিযোদ্ধাসকলে মহন্তক বৃদ্ধ হাড়কেইডাল দি ; চুলি ছিঙি আশীৰ্বাদ দিয়া বুলি কৈছিল । জিলাই জিলাই মহিলাসকলে চাদৰৰ আচল পাৰি দি পদধূলা শিৰত লৈছিল।ক্ষমতাত থকা কালত এনেকৈ দেৱতা সজোৱা ; শংকৰদেৱৰ লগত তুলনা কৰা নেতাজন ক্ষমতাহাৰা হ’ল বাবেই আজি ইমান অস্পৃশ্য হৈ যাব লাগেনে ! অৰ্থাৎ ক্ষমতাত থকা কালতহে আমাৰ নেতাৰ প্ৰতি ভক্তি বাঢ়ে ; কোনে কিমান ঘনিষ্ঠ আৰু উকালতি কৰিব পাৰে তাৰ প্ৰতিযোগিতা চলে ; আমাৰ আবেগ উপচি পৰে ! ক্ষমতাৰ পৰা বিতাৰিত হ’লেই তেওঁ হৈ পৰে খলনায়ক। কোনে ক’ব পাৰে যে আজি মামা মামা বুলি গগন ফলা ; ছেলফি উঠিবলৈ হেতা-ওপৰা লগোৱা ড° হিমন্ত বিশ্ব শৰ্মাৰো এদিন একে গতিয়েই নহ’ব !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.