সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মৃত্যু সন্নিকট – আদালতত আৰু কি কৈছিল ষ্টেন স্বামীয়ে ?

মানুহজনৰ নাম ষ্টেন স্বামী ৷ বয়স ৮৪ ৷ জনজাতীয় লোকৰ অধিকাৰৰ হৈ আজীৱন যুঁজ দি অহা এজন সমাজকৰ্মী ৷ মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত ২০২০ চনৰ ৮ অক্টোবৰত নিয়াই তেওক গ্ৰেপ্তাৰ কৰে ৷ ৮৪ বছৰীয়া এই বৃদ্ধ মানুহজনৰ ওপৰত জাপি দিয়া হয় ইউ এ পি এ আইন ৷ তেতিয়াৰ পৰাই তেও কাৰাৰুদ্ধ ৷ বাৰাম্বাৰ বাতিল হৈছে জামিন আবেদন ৷ কিয়নো ইউ এ পি এ আইনৰ অধীনত বন্দী এইজন এজন দুৰ্ধৰ্ষ মাওবাদী ৷ কাৰাগাৰত তিল তিলকৈ মৃত্যুৰ দিশে ধাৱমান হয় অশীতিপৰ ষ্টেন স্বামী ৷ অৱশেষত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সোমবাৰে তেওৰ মৃত্যু হয় ৷ এই ঘটনাই এতিয়া বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে ৷ সকলোৱে একেমুখে সুধিছে – এয়া এজন কয়েদীৰ স্বাভাবিক মৃত্যু নে এটা ব্যৱস্থাই কৰা হত্যা ৷ ষ্টেন স্বামীৰ জামিন আবেদন কিয় বাৰে বাৰে নাকচ কৰা হৈছিল , কি এনে প্ৰত্যক্ষ প্ৰমান আছিল যে স্বামী মাওবাদী কাৰ্যকলাপত জড়িত ? নে কেৱল এখন আইনৰ দোহাই দি তেওক বন্দী কৰা হ’ল ? বন্দীয়েই নহয় , তেওক তিলতিল মৃত্যুলৈ ঠেলি দিয়া হ’ল ৷ ষ্টেন স্বামীৰ মৃত্যুযাত্ৰাৰ ডায়েৰীৰ প্ৰতিখিলা পাতত লিখা আছে প্ৰচলিত ব্যৱস্থাৰ নৃশংসতাৰ কাহিনী ৷
২০২০ চনৰ অক্টোবৰ মাহৰ ৮ তাৰিখে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা , নিয়াই গ্ৰেপ্তাৰ কৰে এইগৰাকী অশীতিপৰ সমাজকৰ্মীগৰাকী ৷ অভিযোগ আছিল – মাওবাদীৰে সম্পৰ্ক ৰক্ষা কৰাৰ ৷ পাছদিনা অৰ্থাৎ অক্টোবৰৰ ৯ তাৰিখে তেওক হাজিৰ কৰোৱা হয় নিয়াৰ বিশেষ আদালতত ৷ আদালতক ষ্টেন স্বামীৰ অধিবক্তাই জনায় যে মানুহজন পাৰকিনছন ৰোগত আক্ৰান্ত ৷ তেও ওকালতনামাত চহী কৰিবলৈও অসমৰ্থ ৷ সেইদিনা ষ্টেন স্বামীক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে আদালতে ৷ ৮৪ বছৰীয়া স্বামীৰ নতুন ঠিকনা হৈ পৰিল মহাৰাষ্ট্ৰৰ তালোজা জেল ৷ ২০২০ চনৰ ২২ অক্টোবৰত ষ্টেন স্বামীৰ স্বাস্থ্যৰ অৱনতিৰ বাবে জনোৱা জামিন আবেদন আদালতে নাকচ কৰে ৷ নিয়াই এই জামিনৰ বিৰোধিতা কৰি আদালতত যুক্তি দিয়ে যে বিশ্বজুৰি সৃষ্টি হোৱা মহামাৰীৰ সুবিধা গ্ৰহণ কৰিব বিচাৰিছে অভিযুক্তজনে ৷আদালতে নিয়াৰ যুক্তি মানি লৈ জামিন আবেদন নাকচ কৰে ৷ ৬ নৱেম্বৰত স্বামীৰ অধিবক্তাই আদালতত পুণৰ আবেদন কৰে যে অভিযুক্তৰ হাত অচল হৈ পৰাৰ বাবে তেও নিজ হাতেৰে পানী এগিলাচো খাব পৰা নাই ৷গতিকে জেলতে তেওক চিপাৰ আৰু ষ্ট্ৰৰ সুবিধা দিব লাগে ৷ কিন্তু আদালতে সেই আবেদনো নাকচ কৰে ৷ ২৬ নৱেম্বৰত স্বামীয়ে নিয়মীয়া জামিনৰ বাবে আবেদন দাখিল কৰে ৷ তেওৰ বিৰুদ্ধে কোনো প্ৰমাণ নোহোৱা আৰু বয়স – স্বাস্থ্যৰ দোহাই দি জামিন বিচৰা হৈছিল ৷ কিন্তু সেয়াও আদালতত নাকচ হয় ৷ চলিত ২০২১ চনৰ ২২ মাৰ্চত ষ্টেন স্বামীৰ জামিন আবেদন নাকচ কৰি আদালতে কয় যে সমাজৰ সামগ্ৰিক ধাৰণা স্বামীৰ জামিনৰ পৰিপন্থী ৷ মে মাহৰ ১৯ তাৰিখে স্বামীৰ অধিবক্তাই বোম্বে উচ্চ ন্যায়ালয়ত আবেদন জনায় যে কাৰাগাৰত পৰ্যাপ্ত চিকিৎসাৰ সা- সুবিধা নাই ৷ ইপিনে ষ্টেন স্বামীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিব ধৰিছে ৷ এই মুহূৰ্তত তেও কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে ৷ কাৰণ বয়সৰ ৰোগ আৰু আন কেবাটাও গুৰুতৰ ৰোগত ভুগি থকা বাবে তেওক বিশেষ যত্নৰ দৰকাৰ ৷ এই সা- সুবিধা সমূহ কাৰাগাৰত নাই ৷ গতিকে স্বামীৰ চিকিৎসাৰ সু ব্যৱস্থা কৰিব লাগে ৷ তেতিয়া আদালতে এখন সমতি গঠন কৰি দিয়ে ,বন্দী অভিযুক্তজনৰ স্বাস্থ্য নীৰিক্ষন কৰিবলৈ ৷ ২১ মে’ত ভিডিও কনফাৰেনসিঙৰ জড়িয়তে তেওক উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ সন্মুখত হাজিৰ কৰোৱা হয় ৷ কঁপা কঁপা মাতেতে ষ্টেন স্বামীয়ে আদালতত প্ৰাৰ্থনা জনায় যে তেও চিকিৎসালয়ত ভৰ্তি হ’ব নোখোজে ৷ কাৰণ মৃত্যু সন্নিকট ৷ সেয়ে জীৱনৰ বাকী থকা দিন কেইটা আত্মীয়ৰ লগত কটাব বিচাৰে ৷ ৮৪ বছৰীয়া বৃদ্ধজনৰ আৰ্তি নৰজিল আদালতত ৷ ২৮ মেত স্বামীৰ অধিবক্তাই পুণৰ আদালতক অৱগত কৰে যে স্বাস্থ্যৰ অধিক অৱনতি ঘটা বাবে ষ্টেন স্বামীয়ে মুম্বাইৰ হোলী ফেমিলী হাস্পতালত ভৰ্তি হ’ব খোজে ৷ সেইদিনাও নিয়াই আপত্তি দৰ্শাইছিল যে এইজন দুৰ্ধৰ্ষ মাওবাদীক প্ৰাইভেট হাস্পতালত চিকিৎসা গ্ৰহণ কৰাৰ সুবিধা দিব নালাগে ৷ কিন্তু উচ্চ ন্যায়ালয়ে ১৫ দিনৰ বাবে স্বামীক হোলী ফেমিলী হাস্পতালত ভৰ্তি কৰোৱাৰ নিৰ্দেশ দিয়ে ৷ যোৱা ১০ জুনত ষ্টেন স্বামীৰ অধিবক্তাই আদালতক অৱগত কৰে যে তেও কোভিডত আক্তান্ত হৈছে ৷ গতিকে চিকিৎসালয়ত অধিক দিন থকাৰ অনুমতি দিব লাগে ৷ আদালতে ১৮ জুনলৈ স্বামীক হাস্পতালত থকাৰ অনুমতি দিয়ে ৷ কিন্তু ১৭ জুনত তেও অধিক অসুস্থ হৈ পতাৰ আই চি ইউত ভৰ্তি কৰোৱা হয় ৷ইপিনে আদালতত জামিনৰ বিৰোধিতা কৰি নিয়াই পুণৰ কয় যে ৮৪ বছৰীয়া ষ্টেন স্বামী নক্সাল আন্দোলনৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিল ৷ তেও ৰাষ্ট্ৰৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে ৷ গতিকে এইজন ষড়যন্ত্ৰকাৰীক কোনোপধ্যে জামিন দিব নালাগে ৷অভিযুক্ত ষ্টেন স্বামী গুৰুতৰভাবে অসুস্থ হৈ থকা বাবে ন্যায়ালয়ে ৬ জুলাই পৰ্যন্ত শুনানি পিছুৱাই দিয়ে ৷ আৰু ৫ জুলাইৰ দুপৰীয়া ২ বাজি ৩০ মিনিটত আদালতে জনায় যে চিকিৎসাধীন অৱস্থাতে ষ্টেন স্বামীয়ে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰিছে ৷
এই খবৰৰ লগে লগে প্ৰশ্ন উঠিছে – ৮৪ বছৰীয়া ষ্টেন স্বামী দেশৰ বাবে ইমানেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী , ইমানেই ভয়ংকৰ ভাবুকি আছিলনে যে সঠিক চিকিৎসাৰ বাবেও বাৰাম্বাৰ আদালতৰ ওচৰত কাকুতি মিনতি কৰিবলগীয়া হ’ল ৷ এয়া দেশৰ ন্যায় ব্যৱস্থাৰ দীৰ্ঘসূত্ৰিতা নে দুৰ্বলতা ?

Leave A Reply

Your email address will not be published.