Investigative reporting with dedication.

প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ।কোনেও যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ মনোভাব এইমুহূৰ্তৰলৈকে দেখুওৱা নাই।সেয়ে বিশ্ব সম্প্ৰদায়ৰ মুখত এতিয়া এটাই প্ৰশ্ন যে যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব?
তাত্ত্বিকভাৱে, যেতিয়া এটা পক্ষৰ নিৰ্ণায়ক বিজয় হয় বা যুদ্ধৰ দিশে লৈ যোৱা সমস্যাবোৰ যুদ্ধক্ষেত্ৰত সমাধান কৰা হয় তেতিয়া যিকোনো যুদ্ধ সমাপ্ত হয়।কিন্তু এনে খুব কমহয়, আৰু আমাৰ ওচৰত ইৰাক, আফগানিস্তান, চিৰিয়া, লিবিয়া আৰু আন বহুতো দেশৰ উদাহৰণ আছে।
গতিকে,ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব সেই প্ৰশ্নৰ উত্তৰ জনাৰ আগতে,প্ৰথমে কি ঘটিছিল আৰু এতিয়ালৈকে কি ঘটিছে তাক জানি লওঁ আহক



