সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’
সোমবাৰে ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধক লৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিশেষ বৈঠক ৷ তাতেই ইউক্ৰেইনৰ পৰিস্থিতি বুজাবলৈ এজন ৰুছ সেনাৰ এই শেষ বাৰ্তা পাঠ কৰি শুনালে ৷ তেও এই চিঠিৰেই বুজাবলৈ বিচাৰিলে যে কিদৰে সাধাৰণ নাগৰিকো ৰুছ সেনাৰ আক্ৰমণৰ বলি হৈছে ৷

ক্ৰিমিয়াৰ যুদ্ধত নিহত এক সেনাই তাৰ মাকলৈ লিখিছিল শেষ বাৰ্তা ৷ তাত তেও এইদৰে লিখিছিল ,’আমাক কোৱা হৈছিল , ইউক্ৰেইনৰ মানুহে আমাক স্বাগতম জনাব ৷ কিন্তু ইয়ালৈ আহি দেখিছো তেওলোকে আমাৰ গাড়ীৰ চকাৰ তলত পিষ্ট হ’বলৈ উদগ্ৰীৱ হৈ পৰিছে ৷ আমাক কোনো কাৰণতে ইউক্ৰেইনত সোমাবলৈ দিব খোজা নাই ৷ আমাক ফেচিষ্ট বুলি চিঞৰে ৷ এইটো সহ্য কৰাটো অতি কঠিন হৈ পৰিছে …৷’

- Donation -

ৰুছ সেনাৰ এই পুৰণি চিঠিখন পাঠ কৰি দি ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ক’লে ,’এই বাৰ্তাৰ পৰাই যুদ্ধৰ তীব্ৰতা অনুধাৱন কৰিবলৈ চেষ্টা কৰক ৷

Leave A Reply

Your email address will not be published.