সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনত ইটোৰ পাছত সিটো মিছাইলেৰে আক্ৰমণ : দ্বিতীয় বিশ্বযুদ্ধৰ দৰে পৰিৱেশ

ইটোৰ পাছত সিটো মিছাইল আক্ৰমণত ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই কয় যে ৰাজধানী কীৱত ৰাছিয়াই ভয়ানক ৰকেট আক্ৰমণ সংঘটিত কৰিছে ৷ ১৯৪১ চনত শেষৰবাৰৰ বাবে এই চহৰ এনে ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হৈছিল ৷ যেতিয়া নাজী বাহিনীয়ে এনেদৰে আক্ৰমণ চলাইছিল ৷ ইউক্ৰেইনে সেই দৈত্যক পৰাজিত কৰিছিল আৰু এইবাৰো পৰাজিত কৰিব ৷ ৰাছিয়াৰ লগত সকলো সম্পৰ্ক ত্যাগ কৰিবলৈ তেও বিশ্ববাসীক আহ্বান জনাইছে ৷ ইপিনে ৰাছিয়াৰ সেনাৰ আগ্ৰাসন ৰুধিবলৈ ইউক্ৰেইনৰ ঠায়ে ঠায়ে দলঙ – পথৰ যোগাযোগ বিচ্ছিন্ন কৰি দিয়াৰো খবৰ ওলাইছে ৷

Leave A Reply

Your email address will not be published.