কি জঘন্য অপৰাধত গ্ৰেপ্তাৰ হ’ল শিল্পা চেট্টীৰ স্বামী ?

Share This Article

বলীউড। নতুন প্ৰজন্মৰ বহুতৰে বলীউডৰ বিগ স্ক্ৰীনত নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন জাগে। বহুতে বলীউডৰ যশস্বী তাৰকাসকলক অনুকৰণ কৰিবলৈ চেষ্টা কৰে। কিন্তু এই বলীউডৰ নানৰঙী জগতখনৰ প্ৰকৃত ৰঙ কি? বলীউডৰ তাৰকা হোৱাটো কিমান সহজ অথবা কিমান টান? বলীউডৰ নামি দামী নায়ক, পৰিচালক বোৰে টকা উপাৰ্জন কৰিবলৈ প্ৰকৃততে কি কৰে? ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰে উদঙাই দিলে তেনে এক অপ্ৰকাশিত সত্য ৷

সোমাবাৰে বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ চিনেমা নিৰ্মান কৰা আৰু সেই চিনেমা সমূহ কিছুমান APP ৰ জৰিয়তে প্ৰচাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল।

২০২১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে ব্যৱসায়ী ৰাজ কুন্দ্ৰৰ বিৰুদ্ধে INFORMATION TECHNOLOGY ACT আৰু INDECENT REPRESENTATION OF WOMEN ACT ৰ অধীনত মুম্বাইৰ মালৱানী পুলিচ ষ্টেচনত এক গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ভিত্তিতেই ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰে মুম্বাই পুলিচে।

মুম্বাই পুলিচৰ ভাষ্য অনুসৰি ব্যৱসায়ী ৰাজ কুন্দ্ৰৰ বিৰুদ্ধে উপযুক্ত  প্ৰমাণ মুম্বাই আৰক্ষীৰ হাতত মজুত আছে। তদুপৰি মুম্বাই পুলিচে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়ত এই বিষয়ত আৰু কি তথ্য পোহৰলৈ আহে,  সেয়া হব লক্ষণীয়।

কিন্তু বলীউডৰ জগতত এনেধৰণৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ আগতেও আৰক্ষী তথা ক্ৰাইম ব্ৰান্সে এনেধৰণৰ অপৰাধৰ সৈতে জড়িত বহুতো অভিনেতা পৰিচালকক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে এনেধৰণৰ যৌনগন্ধী চিনেমা নিৰ্মান কৰা কোম্পানীসমূহে বলীউডত নিজকে এগৰাকী সফল অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা ছোৱালী অথবা মহিলাসকলক ভুৱা প্ৰতিশ্ৰুতি দি প্ৰলোভনৰ জালত পেলাবলৈ  চেষ্টা কৰে। আৰু তেনে যুৱতী তথা মহিলাসকলৰ  অশ্লীল ভিডিও তৈয়াৰ কৰি বিভিন্ন পৰ্ণ চাইটত প্ৰচাৰ কৰে।

এনেধৰণৰ ঘটনা বৰ্তমান সময়ত অধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে।এনে অপৰাধৰ আঁৰত এক বৃহৎ চক্ৰ জড়িত হৈ থাকে। শেহতীয়াকৈ মুম্বাই  আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে এনে ঘটনাৰ সৈতে জড়িত ৫গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। যাৰ ভিতৰত দুগৰাকী অভিনেতা , এগৰাকী লাইট মেন আৰু আন দুগৰাকী মহিলা ভিডিও গ্ৰাফাৰ  আৰু গ্ৰাফিক ডিজাইনাৰো আছে ৷

উল্লেখযোগ্য যে যৌনগন্ধী চিনেমা প্ৰস্তুত কৰা এনে কোম্পানীসমূহৰ  ভিডিও  প্ৰচাৰ কৰিবলৈ নিজৰে কিছুমান APP থাকে।এই APP সমূহ দৰ্শকে প্ৰথমতে ডাউনলোড কৰিব লাগে, তাৰ পাছত ভিডিও সমূহ চাবলৈ অনলাইন যোগে টকা জমা দিব লাগে। এনেদৰে এই কোম্পানীসমূহে কোটিৰ ঘৰত টকা উপাৰ্জন কৰে।শিল্পা চেট্টীৰ স্বামীও তেনে এক জঘন্য অপৰাধৰ গোচৰতে গ্ৰেপ্তাৰ হ’ল ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.