প্ৰগতিশীল জাতীয় চেতনাৰ উকমুকনিত সন্ত্ৰস্ত কোন? ✒️ শুভ্ৰম গোস্বামী

প্ৰতিক্ৰিয়াশীল দালাল ভুৱা জাতীয়তাবাদী নেতাই নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ দম-দাদাগিৰি চলাব, কিন্তু সেই চোকবোৰ লক্ষ্য কৰিলে আঁৰৰ কথাবোৰ বুজি পোৱা যাব। এনে শক্তিয়ে সাধাৰণ শ্ৰমজীৱীৰ ওপৰত হলা গছত বাগী কুঠাৰ মাৰি অত্যাচাৰ কৰিব আৰু লুণ্ঠনকাৰী বৃহৎ পুঁজিপতিক বাক্যবাণেৰে এৰি দি শাসক শ্ৰেণীৰ লগত বুজাপৰা বজাই ৰাখিব।

অত্যুৎসাহী নহওক কংগ্ৰেছঃ আহ্বান বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইৰ

২০২৪ চনৰ লোকসভা নির্বাচনে এইটো নিশ্চিত কৰা নাই যে কংগ্ৰেছে অকলে গোটেই খেলখন জিকিব পাৰিব৷অলপতে উৎসাহী হোৱাটো বর্তমানৰ ৰাজনীতিত জ্ঞানী মানুহৰ কাম নহয়৷ মই ভাবোঁ, উপ-নির্বাচনত মিত্ৰদলক এখন দুখন আসন এৰি দিলে কংগ্ৰেছৰ ডাঙৰ ক্ষতি নহয়৷ ৰাজ্যৰ বিৰোধী ঐক্যৰ মাজত…

এটা MRIৰ বাবে ৰ’ব লাগে দুমাহ- কি চলিছে অসমৰ স্বাস্থ্যখণ্ডত?

জিএমচিএইছত চিকিৎসা কৰিবলৈ আহি কেনেকৈ হাহাকাৰ কৰিছে ৰোগীয়ে? দ্য ক্ৰছকাৰেণ্টৰ এক চৰজমিন অনুসন্ধান৷

PRC নোহোৱাকৈ কিদৰে পশ্চিমবংগ-ত্ৰিপুৰাৰ প্ৰাৰ্থীয়ে নিযুক্তি পালে অসমৰ মহাবিদ্যালয়ত

অসমৰ উচ্চ শিক্ষা জগতত চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ পি আৰ চিৰ প্ৰয়োজন নাই বুলি বিগত ৪ জুনত জাননী প্ৰকাশ কৰিছিল অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে৷ এই জাননী পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ…

পেকেজৰ নামত প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণাঃ বানপানীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

২০১৭ ৰ ১ আগষ্টত উত্তৰ পূবৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক  মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।
১৪৫০ কোটি পাবলগীয়া অসমে পালে মাত্ৰ ১০১.৫২ কোটি।

উটি গ’ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা হাতীমূৰা মথাউৰি

দ্য ক্ৰছকাৰেণ্টে লাভ কৰা তথ্য অনুসৰি, কলিয়াবৰৰ যি হাতীমূৰা মথাউৰি পানীয়ে উটুৱাই নিলে, সেই মথাউৰি নিৰ্মাণৰ দায়িত্বত আছিল খোদ কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত৷ নাবাৰ্ডৰ সাহায্যপ্ৰাপ্ত আৰ আই ডি এফ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগে কুকুৰাকটাৰ পৰা হাতীমূৰালৈ ৩.৫৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বাবে ২০২২-২৩ বৰ্ষত নিবিদা আহ্বান কৰিছিল৷

ALLEN EXPOSED: বিদ্যালয়লৈ নোযোৱাকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিছে শিক্ষাৰ্থী

বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট – ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে ‘এলেন’ত কোচ্চিংঃ দুয়ো পক্ষৰ মাচুলৰ মাধমাৰ গৌতম প্ৰতিম গগৈ শেহতীয়া ‘নীট’ কেলেংকাৰীৰ পাছতেই সন্দেহৰ আৱৰ্তত সোমাই পৰিছে একাংশ ব্যক্তিগত কোচ্চিং চেণ্টাৰৰ ভূমিকা৷ ঠিক একে সময়তে ‘নীট’ৰ…

EXCLUSIVE : কোভিড ভেকচিন মৃত্যুদূত আছিল নেকি ?

গৌতম প্ৰতিম গগৈ   বহুতৰ বাবে মৃত্যুদূত হৈ পৰিছে নেকি কোভিড ভেকচিন? কোভিশ্বিল্ড ভেকচিনৰ পৰা গুৰুতৰ পার্শ্বক্ৰিয়া সংঘটিত হ’ব পাৰে বুলি ইংলেণ্ডৰ আদালতত স্বীকাৰোক্তি দিছে প্ৰস্তুতকাৰী প্ৰতিষ্ঠান AstraZeneca-য়ে৷  কিন্তু  ভেকচিন লোৱাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াই বহুতকে অসুস্থ কৰি তোলাৰ কিছু…

যুক্তৰাষ্ট্ৰীয়তাবাদ আৰু অসমীয়াৰ সোণালী সুযোগ

ভাৰতৰ ইতিহাসত বৰ্তমানলৈ হোৱা নিৰ্বাচনৰ ভিতৰত কিজানি এইটোৱেই এটা আটাইতকৈ টেঙা নিৰ্বাচন। এই কথা সকলোৱে এইকাৰণেই সাধাৰণভাৱে বুজি পাইছে যে নিৰ্বাচনৰ পৰিৱেশ বুলিবলৈ বেছিভাগ ঠাইতে একো নাই। কিলোমিটাৰ-কিলোমিটাৰৰ ব্যৱধানত কেৱল এখন দুখনমান দলীয় পতাকাৰ বাহিৰে নিৰ্বাচনৰ কোনো পৰিৱেশেই নাই। ই…