NRC CAA নহ’ব পশ্চিম বংগত !

Share This Article

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে ঘৃণাৰ ৰাজনীতি কৰা সকলক কঠোৰ সকীয়নি দিয়ে।কলকাতাৰ ৰেড ৰ’ডত ঈদৰ নামাজত অংশ লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘ কিছু সংখ্যক লোকে দেশখনক দ্বিখণ্ডিত কৰিব বিচাৰিছে।তেওঁলোকে ঘৃণাৰ ৰাজনীতিক উৎসাহিত কৰি আহিছে।মই মোৰ জীৱন দিবলৈ সাজু তথাপিও কিন্তু কোনো কাৰণতে দেশবাসীৰ মাজত বিভাজন হ’বলৈ নিদিওঁ।’গেৰুৱা শিবিৰে দেশৰ সংবিধানখন সলনি কৰিব বিচৰা বুলি উল্লেখ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘ কোনো কাৰণতেই NRC পশ্চিম বংগত ৰূপায়ণ কৰিবলৈ দিয়া নহ’ব।তৃণমূল কংগ্ৰেছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে নাগৰিকত্ব সম্পৰ্কত কোনো পদক্ষেপ নলয়।ইতিমধ্যে প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা অহা নাগৰিকৰ ক্ষেত্ৰত যি তথ্য আছে সেয়াই পশ্চিম বংগৰ চৰকাৰৰ বাবে যথেষ্ট বুলিও তেওঁ উল্লেখ কৰে।মমতা বেনাৰ্জীয়ে কয় ‘ মই টকাৰ ক্ষমতাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু আছোঁ।কেন্দ্ৰীয় সংস্থাৰ বিৰুদ্ধে মই যুঁজিম৷ মই কেতিয়াও নতশিৰ নহওঁ।”আমাৰ হাতত এটা বছৰ আছে৷নিৰ্বাচনত গম পোৱা যাব কোনটো দল ক্ষমতালৈ আহিব !আমি সকলোৱে এই বিভাজনকামী শক্তিৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু তাৰবাবে আমি প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব।আমি এটা কথা লক্ষ্য কৰিব লাগিব যে আমি আমাৰ ভোটৰ জৰিয়তে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাব লাগিব৷আমি যদি গণতন্ত্ৰক সুৰক্ষিত কৰিব নোৱাৰোঁ,তেন্তে সকলো শেষ হ’ব !’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.