সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি ইউক্ৰেইনৰ

 

নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনস্কিয়ে ৷ তেওঁ প্ৰতিবেশী ৰাষ্ট্ৰসমূহক তেওঁলোকৰ আকাশমাৰ্গ ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু নাটোয়ে সেই আহ্বান নস্যাৎ কৰে ৷ ইয়াকে লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাটোৰ এই সিদ্ধান্ত ইউক্ৰেইনৰ গাওঁসমূহত বোমাবৰ্ষণ কৰিবলৈ দিয়া সেউজ সংকেত ৷ জেলেনস্কিৰ আবেগিক মন্তব্য,’আজিৰে পৰা যিমান মানুহ মৰিব , তাৰ বাবে জগৰীয়া হ’ব আপোনালোক ৷ আপোনালোকৰ দুৰ্বলতা আৰু আপোনালোকৰ একতাৰ অভাৱৰ বাবেই মৃত্যু হ’ব বহুতৰ৷’

- Donation -

Leave A Reply

Your email address will not be published.