অমিত শ্বাহৰ সভাত মানুহ গোটাবলৈ লোকনিৰ্মান বিভাগে দিলে ৪০ লাখ

Share This Article

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সমাগত ৷ যাৰ বাবে ৰাজ্যখনলৈ প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰীৰ আহ- যাহো সঘনে বৃদ্ধি পাইছে ৷ শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷লক্ষ্ণৌত এখন দলীয় সভাত ভাগ লৈ তেও মন্তব্য কৰে যে উত্তৰ প্ৰদেশত কংগ্ৰেছ , সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টী একলগ হ’লেও বিজেপিক পৰাভূত কৰিব নোৱাৰে ৷ তেও দলৰ নেতাসকলক প্ৰতিটো বুথতে এশজন নতুন সদস্য ভৰ্তি আৰু নতুন ভোটাৰ সকলক দলৰ লগত জড়িত কৰিবলৈ পৰামৰ্শ আগবঢায় ৷
শণিবাৰে অমিত শ্বাহে আজমগড়ত এখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ লগতে জনসভাও সম্বোধন কৰিব ৷ কিন্তু এই জনসভাক কেন্দ্ৰ কৰি এতিয়া নতুন বিতৰ্কৰ সৃষ্টি হৈছে ৷ কাৰণ , অমিত শ্বাহৰ সভাত মানুহ গোটাবলৈ ৰাজকোষৰ পৰা উত্তৰ প্ৰদেশ চৰকাৰে ৪০ লাখ টকা ব্যয় কৰাৰ অভিযোগ উঠিছে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ,এই সভাত মানুহ গোটাবলৈ লোকনিৰ্মান বিভাগৰ আকস্মিক নিধিৰ পৰা ৪০ লাখ টকা মোকলাই দিয়া হৈছে ৷ আজমগড়ৰ ডি এম ৰাজেশ কুমাৰে এই ধনৰাশি বিচাৰি লোকনিৰ্মান বিভাগৰ মুখ্য অভিযন্তালৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ প্ৰথমাৱস্থাত মুখ্য অভিযন্তাগৰাকীয়ে বিষয়টো বিবেচনাধীন কৰি ৰাখিছিল যদিও আন বিষয়াসকলৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়ত ৪০ লাখ টকা মোকলাই দিয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.