Investigative reporting with dedication.

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী,ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী।ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে’ ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ – ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮ , দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯ চনৰ পৰা ২০০৪ (ত্ৰয়োদশ লোকসভা-২২ মে’ ২০০৪) চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।




