ক্ৰিপ্তোকাৰেন্সি : ডিজিটেল মুদ্ৰাৰ দাম অভাবনীয়ভাৱে হ্ৰাস

Share This Article

ক্ৰিপ্তোকাৰেন্সিত বিনিয়োগ কৰি আপুনিও লাখপতি বা কৌটিপতি হোৱাৰ সপোন দেখিছিল নেকি ? যদি দেখিছিল , আপোনাৰ বাবে আছে এটা দু:সংবাদ ৷ ডিজিটেল মুদ্ৰাৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন আইন প্ৰণয়নৰ কথা চিন্তা কৰিছে ৷ অহা শীতকালীন অধিৱেশনতে এই সংক্ৰান্তীয় বিল ‘দ্য ক্ৰিপ্তোকাৰেন্সি এণ্ড ৰেগুলেশ্যন অৱ অফিচিয়েল ডিজিটেল কাৰেন্সি বিল,২০২১’ গৃহীত হ’ব পাৰে ৷এই বাতৰি প্ৰকাশৰ লগে লগে ডিজিটেল মুদ্ৰাৰ দাম অভাৱনীয়ভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ৷ একেবাৰতে ১৫ শতাংশ পৰ্যন্ত সকলো ডিজিটেল মুদ্ৰাৰ দামৰ পতন ঘটিছে ৷ বিটকইনৰ দাম ১৮.৫৩ শতাংশ , এথেৰিয়ামৰ দাম ১৫.৫৮ শতাংশ আৰু টেথাৰৰ দাম ১৮.২৯ শতাংশ কমিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.