সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ঋণ গ্ৰহণ কৰি নহয়,ঋণ পৰিশোধ কৰি চমক দেখুৱাইছে কেজৰিয়াল চৰকাৰে-

বিত্ত বিভাগে সদনত ডাঙি ধৰা তথ্য অনুসৰি অসম চৰকাৰৰ বর্তমানৰ ঋণৰ পৰিমাণ ৮২ হাজাৰ কোটি টকা৷২০১৬ চনত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ৪১ হাজাৰ কোটি টকা৷অর্থাৎ অসম চৰকাৰৰ বিত্ত বিভাগৰেই তথ্য অনুসৰি ৫ বছৰত অসম চৰকাৰৰ ঋণ দুগুণলৈ বৃদ্ধি হল৷কিন্তু একেখিনি সময়তে দিল্লী চৰকাৰৰ ঋণৰ পৰিমান ৩৩ হাজাৰ কোটিৰ পৰা হ্ৰাস হল ৩ হাজাৰ কোটিলৈ৷

দেশৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত বর্তমান আটাইতকৈ কম ঋণ আছে দিল্লী চৰকাৰৰ৷দিল্লী চৰকাৰৰ বর্তমানৰ ঋণৰ পৰিমাণ ৩৬০০ কোটি টকা৷এই তথ্য ভাৰতীয় ৰিজার্ভ বেংকৰ৷২০১৩ চনত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত প্ৰথমবাৰলৈ অধিষ্ঠিত হৈছিল অৰবিন্দ কেজৰিৱাল৷কিন্তু দুটা মাহৰ ভিতৰতে পতন ঘটিল আপ চৰকাৰৰ৷দ্বিতীয়বাৰলৈ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় ২০১৫ চনত৷সেই সময়ত দিল্লী চৰকাৰৰ ঋণৰ পৰিমাণ আছিল ৩২ হাজাৰ ৪৯৮ কোটি টকা৷২০১৬ চনত দিল্লী চৰকাৰ ঋণ কিছু পৰিমানে বঋদ্ধি হল ৩৩ হাজাৰ ৩০৪ কোটিলৈ৷২০১৭ চনত দিল্লী চৰকাৰৰ ঋণৰ পৰিমাণ ৩৩ হাজাৰ ৩৪৫ কোটি টকা৷কিন্তু ২০১৮ চনত দিল্লী চৰকাৰৰ ঋণৰ পৰিমান অবিশ্বাস্যভাবে হ্ৰাস পালে ৩ হাজাৰ ৩২৬ কোটি টকালৈ৷অর্থাৎ এটা বছৰৰ ভিতৰতেই দিল্লী চৰকাৰে হ্ৰাস কৰিলে প্ৰায় ৩০ হাজাৰ কোটি টকাৰ ঋণ৷২০২০ চনত দিল্লী চৰকাৰৰ ঋণৰ পৰিমাণ হ্ৰাস পায় ২ হাজাৰ ৮২০ কোটিলৈ৷ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য অনুসৰি ২০২১ চনৰ ৩১ মার্চলৈ দিল্লী চৰকাৰৰ সর্বমুঠ ধাৰৰ পৰিমাণ হল ৩ হাজাৰ ৬০০ কোটি টকা৷
এই পৰিসংখ্যাই কয়,অৰবিন্দ কেজৰিয়াল মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰাই অবিশ্বাস্যভাবে হ্ৰাস পাইছে দিল্লী চৰকাৰৰ ঋণৰ পৰিমাণ৷

- Donation -

Leave A Reply

Your email address will not be published.