এইবাৰ বাঢ়িব মোবাইল ফোনৰ খৰচ

Share This Article

ৰন্ধন গেছ , অত্যাৱশ্যকীয় সামগ্ৰী , শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জ্বলা কলা কৰাৰ পাছত এইবাৰ বৃদ্ধি হ’ব মোবাইলৰ খৰচ ৷ সোমবাৰে এয়াৰটেলে সদৰী কৰা অনুসৰি প্ৰিপেইড ফোন কল আৰু ডাটা পেকৰ মাচুল শুক্ৰবাৰৰ পৰা বৃদ্ধি পাব ৷ এতিয়াও ভোডাফোন আৰু জিওৰ তৰফৰ পৰা মাচুল বৃদ্ধিৰ কথা ঘোষণা কৰা হোৱা নাই ৷ কিন্তু এই কোম্পেনীসমূহৰ উপদেষ্টা সংস্থা বিলাকৰ মতে বাকী কোম্পেনীসমূহেও একেই পথ ল’বলৈ বাধ্য ৷ কিন্তু সৰ্বসাধাৰণ লোক বা নিম্ন মধ্যবিত্তসকলেই সাধাৰণতে প্ৰি পেইড মোবাইল ব্যৱহাৰ কৰে ৷ গতিকে মাচুল বৃদ্ধিৰ ফলত তেওলোকৰে দুৰ্ভোগ বাঢ়িব ৷
মাচুল বৃদ্ধিৰ পক্ষে এয়াৰটেলৰ যুক্তি হ’ল –গ্ৰাহকক ভাল সেৱা আগবঢ়াবৰ বাবে এজন গ্ৰাহকৰ পৰা মাহিলী গড় আয় বৰ্তমান ২০০ টকা আৰু ভৱিষ্যতে ৩০০ টকা হোৱা উচিত ৷ সেইবাবেই মাচুল বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে ৷ কেৱল কল পেকৰ ক্ষেত্ৰত নূন্যতম মাচুল এতিয়াৰ ৭৯ টকাৰ সলনি ৯৯ টকালৈ বৃদ্ধি কৰা হৈছে ৷আন আন পেকৰ ক্ষেত্ৰতো মাচুল ২০-২১ শতাংশ বৃদ্ধি পাব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.