অৱশেষত বাতিল হ’ল তিনি ক’লা কৃষি আইন ৷ প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দেশবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি তিনিওখন আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰক এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰোৱাৰ আঁৰত আছে হাজাৰ হাজাৰ কৃষকৰ অক্লান্ত সংগ্ৰাম আৰু ৭৫০ গৰাকী কৃষকৰ আত্মবলিদান ৷ এই কৃষকসকলক সংগঠিত কৰি দিল্লী অভিমুখে ৰাওণা হ’বলৈ অনুপ্ৰাণিত কৰা কৃষক নেতাসকলৰো আছে ডাঙৰ ভূমিকা৷তেনে এগৰাকী নেতাৰ কাহিনীৰে এক প্ৰতিবেদন৷
তেতিয়া সংসদত কৃষি আইন গৃহীত হোৱাই নাই , কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে কৃষি অধ্যাদেশ ৷ ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিল এজন ৬০ ৰ উৰ্ধৰ কৃষক নেতা ৷ হাৰিয়ানাত তেও ট্ৰেক্টৰ ৰেলীৰ আহ্বান জনালে ৷ সেই এটা আহ্বানত ১০ হাজাৰৰো অধিক ট্ৰেক্টৰৰ সমদল দেখা গ’ল হাৰিয়ানাৰ ৰাজপথত ৷ দিনটো আছিল ২০২০ চনৰ ২১ জুলাই ৷ তেতিয়া মোদী চৰকাৰে কল্পনাও কৰিব পৰা নাছিল যে এই আন্দোলনেই পৰৱৰ্তী এটা বছৰলৈ ৰাজধানী জোকাৰি থাকিব , তেওলোক নিজৰ সিদ্ধান্তৰ পৰা পিছুৱাই আহিবলৈ বাধ্য হ’ব ৷ দেশৰ এই ঐতিহাসিক কৃষক আন্দোলনক সংগঠিত কৰাত অন্যতম ভূমিকা লোৱা কৃষক নেতাকেইজনৰ ভিতৰত অন্যতম আছিল গুৰনাম সিঙ চাদুনী ৷ তেওৰ এটা আহ্বানতেই হাৰিয়ানাৰ ৰাজপথলৈ ওলাই আহিছিল ১০ হাজাৰ ট্ৰেক্টৰ ৷গুৰনাম সিঙ চাদুনীয়ে তেতিয়াই বুজি উঠিছিল যে মোদী চৰকাৰে যি কাম কৰিবলৈ গৈ আছে , সিয়ে কৃষকৰ অন্তৰত আঘাত কৰিব ৷ ট্ৰেক্টৰ সমদলৰ আহ্বান জনাই তেও কৈছিল যে এয়া আমাৰ বাবে জীৱন মৰণৰ যুঁজ ৷ কৃষক বিৰোধী স্থিতি কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ নকৰালৈ কোনো এজন কৃষকেই বিচলিত নহয় ৷ গুৰনাম সিঙ চাদুনীক বছৰটোৰ বেছিভাগ সময় দেখা যায় হাৰিয়ানাৰ ৰাজপথত ৷ জীৱনৰ কেবাটাও দশক কৃষকৰ স্বাৰ্থত ৰাজপথতে পাৰ কৰিছে ৷ হাৰিয়ানাৰ অলিয়ে গলিয়ে ঘূৰি কৃষকক অধিকাৰৰ হকে , অন্যায়ৰ বিৰুদ্ধে সংগঠিত কৰাই তেওৰ কাম ৷ সেয়ে কৃষি অধ্যাদেশৰ কথা ওলোৱাৰ লগে লগে তেও বুজি উঠিল , কৃষকৰ ভৱিষ্যত কোন দিশে ৷ সেইবাবেই আকৌ এবাৰ ৰাজপথৰ সংগ্ৰামৰ আহ্বান জনালে ৷ জুলাইৰ পৰা ছেপ্তেম্বৰ পৰ্যন্ত এই আন্দোলন হাৰিয়ানাৰ কুৰুক্ষেত্ৰ অঞ্চলৰ চাৰিখন জিলাৰ মাজতে সীমাবদ্ধ আছিল ৷ কিন্তু ২০২০ চনৰ ১০ ছেপ্তেম্বৰৰ পৰা ঘটনাই ল’লে অন্য মোৰ ৷চাদুনী নেতৃত্বাধীন ভাৰতীয় কিষান ইউনিয়নে আহ্বান জনোৱা এখন জনসভাত আৰক্ষীয়ে ১৪৪ ধাৰা ভংগৰ অভিযোগ তুলি লাঠীচাৰ্জ কৰিলে ৷ তাৰ পাছতে জাঙুৰ খাই উঠিল সমগ্ৰ হাৰিয়ানাৰ কৃষক সমাজ ৷ আন্দোলন বিয়পি পৰিল হাৰিয়ানাৰ গাৱে ভূঞে, চহৰে নগৰে ৷ কৃষকসকল ক্ৰমাৎ অধিক আগ্ৰাসী ৰূপত সংগঠিত হ’ল ৷নৱেম্বৰৰ ২৪ তাৰিখে গুৰনাম সিঙ চাদুনীয়ে দিল্লী চলোৰ আহ্বান জনালে ৷ তেও এইবুলিও ক’লে যে প্ৰয়োজনত পুলিচৰ বেৰিকেড ভাঙি দিয়া হ’ব কিন্তু যিকোনো মূল্যৰ বিনিময়ত দিল্লীত উপস্থিত হ’বই লাগিব ৷ এই আহ্বানৰ পাছদিনাই হাজাৰ হাজাৰ লোক ওলাই আহিল হাৰিয়ানাৰ ৰাজপথলৈ ৷আৰক্ষীও আহিল সমুখ সমৰলৈ ৷ ঠায়ে ঠায়ে দিল্লী অভিমুখী কৃষকক বাধা দিবলৈ নানান ব্যৱস্থা কৰা হ’ল ৷ কিন্তু কোনো বাধাই তলাব নোৱাৰিলে প্ৰতিবাদী কৃষকসমাজক ৷ সেই অপ্ৰতিৰোধ্য কৃষক সমদলৰ লগত সেই দিনাই দেশবাসীৰ চকুত পৰিছিল এজন ৬২ বছৰীয়া নেতা ৷ তেও ভাৰতীয় কিষান ইউনিয়নৰ নেতা গুৰনাম সিঙ চাদুনী ৷
এইজন চাদুনীৰ আহ্বানতেই এই বছৰৰ আগষ্ট মাহৰ ২৮ তাৰিখে হাজাৰ হাজাৰ কৃষক ৰাওণা হ’ল হাৰিয়ানাৰ কৰ্ণাললৈ ৷ কাৰণ তাত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ এখন সভা অনুষ্ঠিত হোৱাৰ কথা আছিল ৷এইবাৰ চাদুনীৰ আহ্বান আছিল – এইবাৰ মুখ্যমন্ত্ৰীক উচিত শিক্ষা দিয়া যাওক ৷ পুণৰ আৰক্ষী আৰু কৃষকৰ মাজত সংঘাতৰ সূত্ৰপাত হ’ল ৷ বহু কৃষক গুৰুতৰভাৱে আহত হ’ল ৷ সেই ঘটনাৰ পাছৰে পৰা বিজেপিৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ উঠিক কৃষকসমাজ ৷ সকলো বিজেপিৰ কাৰ্যসূচীত বাধা হৈ থিয় হ’ল কৃষি আইন বিৰোধী কৃষক ৷ চাদুনীৰ নেতৃত্বত চলি থকা আন্দোলনৰ বাবেই ক্ৰমাৎ বেকফুটত থিয় হ’ল হাৰিয়ানাৰ বিজেপি চৰকাৰ ৷ কেৱল সেয়াই নহয় , এই আন্দোলন চলাই নিবৰ বাবেই গুৰনাম সিঙ চাদুনীয়ে নিজৰ ৯ একৰ মাটি বিক্ৰী কৰি দিছে ৷ এতিয়া চাদুনীৰ নিজৰ বুলিবলৈ মাটি আছে কেৱল ৫ একৰ ৷কিয় ইমান ত্যাগ কৰিছে সেই বিষয়ে বাখ্যা কৰি চাদুনীয়ে কয় –‘এয়া আমাৰ কৃষক সমাজৰ বাবে জীৱন মৰণৰ ৰণ ৷কাৰণ নতুন কৃষি আইনৰ জড়িয়তে কৃষি কাৰ্যক প্ৰথমতে লাভ – লোকচানৰ ব্যৱসায়ত পৰিণত কৰা হ’ব ৷তাৰ পাছত পুজিপতিৰ বাবে কৃষকৰ ভূমি দখল কৰাটো সহজসাধ্য হৈ পৰিব ৷ এনেকৈ কৃষকসকল পৰিণত হ’ব ভিখাৰীত ৷’ ১৯৯২ চনত কৃষি পথাৰত যোগান ধৰা বিজুলীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল গুৰনাম সিঙ চাদুনীয়ে ৷ তাৰ পাছৰে পৰা তেও জীৱনৰ সকলো সময় কটাই দিছে কৃষকৰ মাজত ৷ এইবাৰ আন্দোলনৰ কাৰ্যসূচী সংগঠিত কৰিবলৈও তেও হাৰিয়ানাৰ চুকে কোনে ভ্ৰমন কৰিছে ৷ এনেদৰে ঘূৰি ফুৰোতে হেৰুৱাইছে নিওজৰ শৰীৰৰ ৯ কেজি ওজন ৷তাৰ পাছতো তেও ক্ষান্ত নহ’ল , কৃষি আইনৰ বিৰুদ্ধে অটল , অলৰ , অচৰ হৈ ৰ’ল ৷ আপুনি হয়তো তেওক সঘনে টিভিত নেদেখে ৷ মঞ্চতো নেদেখে ৷ কিন্তু ঐতিহাসিক কৃষক আন্দোলনৰ সূত্ৰপাত কৰাত গুৰনাম সিঙ চাদুনী হৈ ৰ’ল এটা অবিস্মৰণীয় নাম ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.