কৃষকক কৃষি আইন বুজাবলৈ বিজ্ঞাপনত কিমান টকা খৰছ কৰিছিল মোদী চৰকাৰে?

Share This Article

ভয়-ভাবুকি,চল-চাতুৰী সকলো কৰা হ’ল।কিন্তু ফলাফল হল শূণ্য।কৃষক অশিক্ষিত।কৃষকে আইন-ইংৰাজী নাজানে।সেয়ে কৃষকক আইন বুজাবলৈ চৰকাৰে খৰছ কৰিলে কোটি কোটি টকা।চৰকাৰে কত কিয় কিমান টকা খৰচ কৰিলে তাৰ উত্তৰ চৰকাৰে দিছে চৈয়দ নাচিৰ হুছেইন আৰু ৰাজমণি পেটেলে সোধা এক প্ৰশ্নত।তেওঁলোকে চৰকাৰৰ পৰা জানিব বিচাৰিছিল যে কৃষকক কৃষি আইন কৃষি আইন আইন কেইখন বুজোৱাৰ উদ্দেশ্যে প্ৰচাৰৰ নামত ভাৰত চৰকাৰে ছেপ্টেম্বৰ ২০২০ ৰ পৰা জানুৱাৰী ২০২১ ৰ ভিতৰত দেশ আৰু বিদেশত মুঠ কিমান টকা খৰচ কৰিলে।এই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰেৰে।নৰেন্দ্ৰ সিং তুমৰে উত্তৰত কয় যে ছেপ্টেম্বৰ ২০২০ আৰু জানুৱাৰী ২০২১ ৰ ভিতৰত কৃষি আইন কেইখনৰ প্ৰচাৰৰ উদ্দেশ্যে বিজ্ঞাপনৰ নামত খৰছ হয় মুঠ ৭ কোটি ২৫ লাখ ৫৭ হাজাৰ দুশ ৪৬ টকা।এই বিজ্ঞাপনসমূহ দিয়া হৈছিল হিন্দী ,ইংৰাজী ভাষাৰ ৰাষ্ট্ৰীয় বাতৰি কাকত আৰু আঞ্চলিক ভাষাৰ সকলো বাতৰি কাকতত।এই বিজ্ঞাপন সমূহ মূলত কৃষকসকল আৰু ইয়াৰ অংশীদাৰসকলক সজাগ কৰিবৰ বাবে প্ৰচাৰ কৰা হৈছিল বুলিও উল্লেখ কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে।আনহাতে Agriculture cooperation and farmers welfare দেপাৰ্টমেন্তে বহন কৰিছে সৰ্বমুঠ ৬৭,৯৯,৭৫০ টকা।এই সমুদায় ধন ব্যয় কৰা হ’ল তিনিখন promotional আৰু দুখন শিক্ষামূলক ছবি নিৰ্মানৰ বাবে।electronic মেডিয়া আৰু social মেডিয়াৰ জৰিয়তে কৃষক সকলৰ উদ্দেশ্যে কৃষি আইনৰ ব্যাপক প্ৰচাৰৰ বাবে নিৰ্মান কৰা হৈছিল এই ছবি সমূহ।আৰু ইয়াত খৰছ হল মুঠ ৬৭ লাখ ৯৯ হাজাৰ ৭৫০ টকা।আৰু অন্যান্যত ব্যয়ত খৰছ কৰা হৈছিল মুঠ ১ লাখ ৫০ হাজাৰ ৫৬৮ টকা।কৃষি আইনৰ প্ৰচাৰৰ উদ্দেশ্যে খৰছ কৰা এই ধনৰ হিচাপ প্ৰদান কৰিছে স্বয়ং ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তুমৰে।এনেদৰেই তিনিখন কৃষক বিৰোধী আইনৰ বাবে খৰছ কৰা হল ৰাজকোষৰ কোটি কোটি টকা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.