মণিপুৰ এম্বুছ : দিপাৱলী উদযাপন কৰি এসপ্তাহ পূৰ্বে চট্টিছগড়লৈ উভতিছিল কৰ্ণেল ত্ৰিপাঠীৰ পিতৃ – মাতৃ

Share This Article

মণিপুৰত সন্দেহজনক পি এল এ উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণত পত্নী – পু্ত্ৰসহ নিহত হ’ল ভাৰতীয় সেনাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী ৷ শণিবাৰে পুৱাৰ ভাগত সংঘটিত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুছত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী , তেওৰ পত্নী অনুজা ত্ৰিপাঠী , ৮ বছৰীয়া পুত্ৰ আবিৰ ত্ৰিপাঠী আৰু ৪ জন সেনা জোৱানসহ মুঠ ৭ জন লোক নিহত হয় ৷ মণিপুৰত আছাম ৰাইফলছৰ কামাণ্ডিঙ অফিচাৰ হিচাপে দায়িত্বত নিয়োজিত হৈ আছিল কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী ৷ তেওৰ ঘৰ চট্টিছগড়ৰ ৰায়গড়ত ৷
কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ পিতৃ সুভাষ ত্ৰিপাঠীও আছিল ভাৰতীয় সেনাৰ এজন কৰ্ণেল ৷ ককাক কিশোৰী লাল ত্ৰিপাঠী ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ এজন সদস্য আছিল ৷ মাত্ৰ এসপ্তাহ পূৰ্বে দিপাৱলী উদযাপনৰ বাবে মণিপুৰলৈ আহিছিল বিপ্লৱ ত্ৰিপাঠীৰ পিতৃ সুভাষ ত্ৰিপাঠী (৮০) আৰু মাতৃ আশা (৭০) ৷ কাৰণ তেওলোকৰ কণিষ্ঠ পুত্ৰ অনয় ত্ৰিপাঠীও মণিপুৰত আছাম ৰাইফলছৰ কৰ্ণেল হিচাপে কৰ্মৰত ৷ দিপাৱলীত তেওলোকে ছুটী নোপোৱা বাবে দুই পুত্ৰ , বোৱাৰী আৰু নাতিৰ সৈতে দেৱালী উদযাপন কৰিবলৈ সুভাষ ত্ৰিপাঠী আৰু আশা মণিপুৰলৈ আহিছিল ৷ যোৱা ৭ নৱেম্বৰত চট্টিছগড়ৰ ৰায়গড়লৈ উভতি গৈছিল তেওলোক ৷ জনা নাছিল যে এয়াই পুত্ৰ- পৰিয়ালৰ সৈতে শেষ সাক্ষাৎ হ’ব ৷
কৰ্ণেল ত্ৰিপাঠী অসম ৰাইফলছৰ ৪৬ নং কোম্পানীৰ কমাণ্ডিং বিষয়া হিচাপে নিযুক্ত হৈ আছিল। জানিব পৰা মতে আক্ৰমণৰ ঘটনাটো সংঘটিত হয় শণিবাৰে পুৱা প্ৰায় দহ বজাত মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ ছেখেন গাঁৱত। কর্নেল ত্রিপাঠীৰ কোম্পানীটোৰ এটা অংশ ভাৰত ম্যানমাৰ সীমান্তৰ নিৰাপত্তাত নিয়োজিত হৈ থকাৰ বাবে তেওঁ পৰিয়ালসহ কালি সীমান্তৱৰ্তী গাঁও বেহিয়াঙলৈ গৈছিল। তাত নিশাটো কটোৱাৰ লগতে গাঁওবাসীৰ সৈতে এক অনুষ্ঠানতো অংশগ্রহণ কৰিছিল। আজি পুৱা বেহিয়াঙৰ পৰা চূড়াচান্দপুৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় ভয়াৱহ ঘটনাটো। কনভয়টো বেহিয়াং এৰি কেইকিলোমিটাৰমান আঁতৰত থকা ছেখেন গাঁও পোৱাৰ কিছু সময়ৰ পিচতে দুর্গম পাহাৰীয়া পথটোত পুতি থোৱা বোমা প্রচণ্ড শব্দৰে বিস্ফোৰিত হয়। ফলত কনভয়টো পথৰ পৰা উফৰি পৰে। ইয়াৰ লগে লগে পথৰ দাঁতিৰ হাবিত পূৰ্বৰে পৰা সাজু হৈ থকা সশস্ত্র উগ্রপন্থী দলটোৱে কনভয়টোলৈ লক্ষ্য কৰি আৰম্ভ কৰে নিৰ্বিচাৰ গুলীবর্ষণ। ফলত কর্নেল ত্রিপাঠী, তেওঁৰ পত্নী অনুজা ত্রিপাঠী, পুত্ৰ আবিৰ ত্ৰিপাঠীৰ লগতে চাৰিজনকৈ জোৱানৰ ঘটনাস্থলীতে মৃত্যু হয়। এই আক্ৰমণৰ দায়িত্ব এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে স্বীকাৰ কৰা নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.