সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দিল্লীত অমিক্ৰ’ণৰ সংক্ৰমণ : এজন লোক আক্ৰান্ত

দেশত এতিয়ালৈকে ক’ৰোনাৰ অমিক্ৰ’ণ ভেৰিয়েন্টৰ সংক্ৰমণৰ পাঁচটা ঘটনা পোহৰলৈ আহিছে ৷ কৰ্ণাটকৰ দুজন , মহাৰাষ্ট্ৰৰ এজন আৰু গুজৰাটৰ এজন লোক অমিক্ৰ’ণ ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ শেহতীয়াকৈ দিল্লীৰ এজন লোকৰ দেহতো অমিক্ৰ’ণৰ সংক্ৰমণ ধৰা পৰিছে ৷ বিশেষজ্ঞসকলে কয় যে অমিক্ৰ’ণে পূৰ্বৰ দৰে ঢৌৰ সৃষ্টি কৰে নে নাই , সেয়া অহা দুই – এমাহৰ ভিতৰতে স্পষ্ট হৈ পৰিব ৷ কিয়নো অমিক্ৰ’ণ সন্দৰ্ভত গৱেষণা এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে ৷সেইবাবে অহা কেইটামান সপ্তাহ সকলোৱে অধিক সাৱধনতাৰে কটোৱা উচিত ৷ অমিক্ৰ’ণৰ সংক্ৰমণৰ সন্দেহত এতিয়ালৈকে মুঠ ১৫ জন লোকক দিল্লীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে এজন লোক সংক্ৰমিত হোৱাটো নিশ্চিত কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.