বেংকৰ শাখা বিলুপ্ত হ’ব , আৰম্ভ হ’ব ডিজিটেল বেংক

Share This Article

বেংক হ’ব ডিজিটেল ৷ নাথাকিব বেংকৰ কোনো শাখা ৷ এনে এটা দিনৰ বাবে বেছি অপেক্ষা কৰিব নালাগে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পৰা এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে ৷ শুকুৰবাৰে ইনফিনিটি ফ’ৰামৰ এক সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় ,’অদূৰ ভৱিষ্যতে সকলো লেনদেন হ’ব ডিজিটেল মাধ্যমত ৷ অহা দিনবোৰত এয়াই স্বাভাবিক প্ৰক্ৰিয়া হ’ব ৷’ তেও লগতে কয় যে অৰ্থনৈতিক প্ৰযুক্তিক এনে এক হাইপ্ৰ’ফাইল আধুনিকতাৰ স্তৰত উপনীত কৰাব লাগিব যাতে অৰ্থনীতিত নতুন বিপ্লৱৰ সূচনা হয় ৷ নোটবিহীন ডিজিটেল অৰ্থনীতিৰ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত বছৰত এটা ঐতিহাসিক ঘটনা সংঘটিত হৈছে ৷ সমগ্ৰ দেশত এটিএমৰ পৰা যিমান টকা উলিওৱা হৈছে , তাতকৈ বেছি লেনদেন হৈছে মোবাইলৰ মাধ্যমত ৷ অৰ্থাৎ অনলাইনত ৷ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত নোটক অতিক্ৰম কৰিছে ডিজিটেল পেমেন্টে ৷ সেইবাবেই ডিজিটেল বেংক এতিয়া সম্ভৱ বুলি তেও উল্লেখ কৰে ৷
প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্যৰ পাছতে চৰ্চা চলিছে যে হয়তো কিছু বছৰৰ ভিতৰত দেশত বেংকৰ শাখাসমূহ বিলুপ্ত হ’ব ৷ তাৰ সলনি পাতনি মেলা হ’ব ডিজিটেল বেংকৰ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.