সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মোডীজী,এয়া ‘Act of God নে Act of Fraud ?

গুজৰাটত বিধিনসভা নিৰ্বাচন সমাগত । বিৰোধী দল আপৰ নিৰ্বাচনী প্ৰচাৰত জ্বলাকলা খাইছে শাসক দল বিজেপিয়ে।ইফালে বিগত ২৭ বছৰত উন্নয়নৰ ফটাঢোল শুনি ভাগৰি পৰিছে গুজৰাটী লোক ।প্ৰতিষ্ঠানবিৰোধী ঢৌৱেও দলটোক কৰিছে একপ্ৰকাৰ নগুৰনাগতি ।প্ৰায় একে সময়তে কেবিনেটৰ কাৰ্যকাল অন্ত পৰিব যদিও হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ দুটা সপ্তাহৰ পিছতো যদিও আজিলৈকে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পৰা নাই গুজৰাটত ।ইয়াৰ অন্তৰালত লুকাই থকা ৰহস্যটো হ’ল শাসক দল বিজেপিয়ে নিজকে প্ৰস্তুত কৰিব পৰা নাই বিধানসভা নিৰ্বাচনৰ বাবে।কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই এই দুৰ্ঘটনা সম্পৰ্কত টুইটাৰত লিখিছে “ এই ঘটনাত আমি মৰ্মাহত। ম’ৰবী দলঙৰ ঘটনাই আমাক মৰ্মাহত কৰিছে।” “ মই প্ৰতিগৰাকী গুজৰাটৰ কংগ্ৰেছ কৰ্মীক এই উদ্ধাৰ কাৰ্যত পাৰ্যমানে সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ”-এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খাৰ্গেই।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এই ঘটনাক লৈ গভীৰ শোক ব্যক্ত কৰিছে।আন এগৰাকী কংগ্ৰেছ নেতা ৰণদীপ সূৰ্যৱালাই কয় “ এইটো মানৱ সৃষ্ট ট্ৰেজেডী।”
“ ফিটনেছ চাৰ্টিফিকেট নথকাকৈ কেনেকৈ বিজেপি চৰকাৰে এই দলংখন জনতাৰ বাবে মুকলি কৰি দিলে”- এনেদৰেও প্ৰশ্ন কৰে সূৰ্যৱালাই ।আনহাতে,জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিগবিজয় সিঙে প্ৰধানমন্ত্ৰী মোডীক এই দলংখন ভঙা সম্পৰ্কত প্ৰশ্ন কৰিছে “ এইটো আপুনি কি বুলি ক’ব?এক্ট অব গড নে এক্ট অব ফ্ৰড?
উল্লেখযোগ্য যে ২০১৬ চনৰ ৩১ মাৰ্চত পশ্চিমবংগৰ বিবেকানন্দ ৰ’ড ফ্লাইঅভাৰ খহি কেইবাজনো লোক নিহত আৰু আহত হোৱা ঘটনাক সমালোচনা কৰিবলৈ গৈ প্ৰধানমন্ত্ৰী মোডীয়ে সেয়া ফ্ৰডৰ বাবেহে তেনে হোৱা বুলি তৃণমূল কংগ্ৰেছক আক্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে ভাষণত দলং ভঙা বিষয়টো সেয়া ‘Act of fraud’ বুলি উল্লেখ কৰিছিল।

Leave A Reply

Your email address will not be published.