NDTVৰ নিৰপেক্ষ সাংবাদিকতাৰ সেই ধ্বজা অটুট থাকিব নে? এই প্ৰশ্ন এতিয়া চৌদিশে। কাৰণ NDTVৰ প্ৰতিষ্ঠাপক সাংবাদিক প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে পদত্যাগ কৰাৰ পাছতে এতিয়া NDTVৰ ভৱিষ্যত সন্দৰ্ভত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। কি হ’ব ৰৱীশ কুমাৰৰ পৰৱৰ্তী সিদ্ধান্ত?এই বিষয়ে জানিবলৈ ভাৰতবৰ্ষ আজি উদগ্ৰীৱ। খুব পৰিকল্পিতভাৱে ৰাজনৈতিক-ব্যৱসায়িক চল চাতুৰী আৰু কৌশলেৰে এই বৰ্ষতেই যেন আৰম্ভ হৈছিল NDTVৰ ভাঙোন প্ৰক্ৰিয়া।NDTVৰ পৰিচালন গোষ্ঠী RRPRHএ নিজৰ ৯৯.৫ শতাংশ অংশীদাৰীত্ব বিক্ৰী কৰে বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডক। যি ভি চি পি এল আগষ্ট মাহত ক্ৰয় কৰিছিল আদানী গ্রুপে। এতিয়া আদানী অধিকৃত এটি কোম্পানীৰ হাতত NDTVৰ ভৱিষ্যৎ।চনটো আছিল ১৯৮৪ । নিৰ্বাচনৰ পোনপটীয়া প্ৰচাৰৰ যোগেৰে আত্মপ্ৰকাশ ঘটিছিল NDTVৰ ।১৯৯৮ চনত NDTV অৰ্থাৎ নিউজ ডেলহি টেলিভিছনে Starৰ সহযোগত 24/7 ছেটেলাইট চেনেল ৰূপে আত্মপ্ৰকাশ কৰে। ভাৰতবৰ্ষৰ টেলিভিছন ইতিহাসৰ বাটকটীয়া ৰূপে সদা স্বীকৃত হৈ ৰ’ব NDTV।ভাৰতবৰ্ষৰ প্ৰথম ব্যক্তিগত ছেটেলাইট সংবাদ প্ৰতিষ্ঠান NDTV। অৰ্থনীতিবিদ প্ৰণয় ৰয় আৰু সাংবাদিক ৰাধিকা ৰয়ৰ যৌথ প্ৰচেষ্টাৰ ফচল আজিৰ NDTV। যেতিয়া সংবাদ অথবা বাতৰি কেৱল চৰকাৰী উদ্যোগতহে প্ৰচাৰ হৈছিল, তেনে সময়তে ভাৰতৰ প্ৰথম স্বতন্ত্ৰ ব্যক্তিগত ছেটেলাইট চেনেলৰূপে আৰম্ভ হয় এক নৱজাগৰণ,যাৰ নাম NDTV।NDTVয়েই প্ৰথমে আৰম্ভ কৰিছিল নিৰ্বাচনৰ Exit Poll কিন্তু আজি যেন সকলো ইতিহাস। নিয়ম ভাঙি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি, সমালোচনা কৰি নিৰপেক্ষ সাংবাদিকতাৰ ধ্বজা উৰুওৱা NDTV আজি আগ্ৰাসী ব্যৱসায়ীৰ হাতোৰাত আৱদ্ধ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অন্যতম ঘনিষ্ঠ ব্যৱসায়ী আদানীৰ হাতত বিক্ৰী গ’ল NDTV। যেন সংবাদ মাধ্যমৰ নিৰপেক্ষ স্থিতিক সুমুৱাই দিয়া হ’ল পিঞ্জৰাৰ ভিতৰত। দেশৰ বহু সাংবাদিকক তৈয়াৰ কৰা NDTVৰ আজি যেন পট সলনি হৈ পৰিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানিৰ হাতত NDTVৰ সিংহভাগ। ভাৰতবৰ্ষৰ প্ৰায়বোৰ সংবাদ মাধ্যম চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ থকা সময়ত একমাত্ৰ এন ডি টি ভিয়ে চৰকাৰৰ সন্মুখত উত্থাপন কৰি আহিছিল প্ৰশ্ন। NDTVৰ সাংবাদিক ৰবীশ কুমাৰে নিৰ্ভীক সাংবাদিকতাৰ বাবে লাভ কৰিছিল ৰমন মেগছেছে বঁটা । কিন্তু এতিয়া চৰকাৰৰ ঘনিষ্ঠ গৌতম আদানি এন ডি টি ভিৰ মালিকীস্বত্বৰ সিংহভাগৰ অংশীদাৰ হৈ পৰাৰ পাছত কি হ’ব এন ডি টি ভিৰ ভৱিষ্যত , কি হ’ব ৰবীশ কুমাৰৰ ভূমিকা , এই আটাইবোৰ বিষয় চৰ্চিত হৈ পৰিছে । আদানি গ্ৰুপে এন ডি টি ভি ক্ৰয় কৰাৰ খবৰে সংবাদজগতত একপ্ৰকাৰ আলোড়নৰ সৃষ্টি কৰে ।কাৰণ কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত সাহসেৰে প্ৰশ্ন উত্থাপন কৰি অহা এন ডি টি ভি সম্পৰ্কীয় এই খবৰ সকলোৰে বাবে অপ্ৰত্যাশিত আছিল । কিন্তু ইয়াৰ পাছত এন ডি টি ভিয়ে প্ৰকাশ কৰা এক বিবৃতিৰ পৰা স্পষ্ট হৈ পৰে যে এন ডি টি ভিৰ স্বত্বাধিকাৰী প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ সন্মতি অবিহনেই আদানি গ্ৰুপে এনেদৰে এন ডি টি ভিৰ শ্বেয়াৰ হস্তগত কৰিছিল৷ যাক হোষ্টাইল টেক অভাৰ বুলি কোৱা হয় ।দৰাচলতে আদানিয়ে এন ডি টি ভি গোপনে ক্ৰয় কৰাৰ আঁৰত আছে এক দীঘলীয়া ব্যৱসায়িক অভিযান৷ এই কাহিনীৰ আৰম্ভণি হয় ২০০৯ চনত ৷ এন ডি টি ভিৰ মূল প্ৰমোটৰ কোম্পেনী হ’ল ৰাধিকা ৰয় আৰু প্ৰণয় ৰয়ৰ আন এটা কোম্পেনী আৰ আৰ পি আৰ হোল্দিঙছ প্ৰাইভেট লিমিটেড । এই আৰ আৰ পি আৰ কোম্পেনীটোৱে ২০০৯ চনত ভি চি পি এল নামৰ এটা কোম্পেনীৰ পৰা ঋণ লৈছিল ৷ এই ভি চি পি এল কোম্পেনীটো তেতিয়া আছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সহায়ক কোম্পানী৷ অৰ্থাৎ এন ডি টি ভিৰ প্ৰমোটাৰ কোম্পানী হ’ল আৰ আৰ পি আৰ ।আৰ আৰ পি আৰে ২০০৯ চনত ঋণ লৈছিল আম্বানিৰ পৰা।ঋণৰ পৰিমান আছিল ৪০৩ কৌটি টকা ।কিন্তু এতিয়া ঋণ আদায় কৰাৰ সময়ত এন ডি টি ভিৰ সন্মুখলৈ আহিল আদানি ।কিন্তু কেনেকৈ এয়া সম্ভৱ হ’ল ? সেয়াও জানি লও আহক -২০০৯ চনত আৰ আৰ পি আৰে ভি চি পি এলৰ পৰা ঋণ লৈছিল ।ঋণ লোৱা সময়ত স্বাক্ষৰ হৈছিল এক চুক্তি ।ভি চি পিএলে ঋণৰ বিনিময়ত আৰ আৰ পি আৰৰ ৯৯.৯৯ শতাংশ শ্বেয়াৰ অধিগ্ৰহণ কৰিব পাৰিব ।শ্বেয়াৰ বজাৰৰ ই এক সাধাৰণ চৰ্ত ৷ ইফালে , ৰাধিকা ৰয় আৰু প্ৰণয় ৰয়ৰ কোম্পেনী আৰ আৰ পি আৰ এন ডি টি ভিৰ একক সৰ্বাধিক শ্বেয়াৰৰ গৰাকী ।এন ডি টি ভিত আৰ আৰ পি আৰৰ শ্বেয়াৰ আছে ২৯.১৮ শতাংশ ।যি ভি চি পি এল কোম্পানী পূৰ্বতে ৰিলায়েঞ্চৰ সহায়ক কোম্পানী আছিল , সেই ভি চি পি এল এইবাৰ ক্ৰয় কৰে আদানি গ্ৰুপে ৷।১১৩ কৌটি টকাৰে ভি চি পি এল ক্ৰয় কৰে আদানি গ্ৰুপে ।ইয়াৰ লগে লগে ভি চি পি এল হৈ পৰিল আদানিৰ অন্তৰ্গত কোম্পেনী৷
ভি চি পি এলৰ পৰা ঋণ লৈছিল এন ডি টি ভিৰ প্ৰমোটৰ আৰ আৰ পি আৰে ঋণৰ চুক্তিত আছিল যে ভি চি পি এলে আৰ আৰ পি আৰৰ ৯৯.৯৯ শতাংশ শ্বেয়াৰ অধিগ্ৰহণ কৰিব পাৰিব । চুক্তিৰ আলম লৈ আৰ আৰ পি আৰ অধিগ্ৰহণৰ ঘোষণা কৰে ভি চি পি এলে ।অৰ্থাৎ আম্বানিৰ পৰা আদানিৰ হাতলৈ ভি চি পি এলৰ স্বত্ব অহাৰ পাছতে তেওঁলোকে ঋণৰ বিনিময়ত এন ডি টি ভিৰ প্ৰমোটৰ কোম্পেনী আৰ আৰ পি আৰৰ ৯৯.৯৯ শ্বেয়াৰ হস্তগত কৰাৰ কথা ঘোষণা কৰে ।এই আৰ আৰ পি আৰৰ আকৌ ২৯.১৮ শতাংশ শ্বেয়াৰ আছে এন ডি টি ভিত ৷ এয়া হ’ল এন ডি টি ভিত থকা একক সৰ্বাধিক শ্বেয়াৰ ৷ এতিয়া আৰ আৰ পি আৰ আদানিয়ে হস্তগত কৰাৰ লগে লগে এন ডি টি ভিৰো একক সৰ্বাধিক শ্বেয়াৰৰ গৰাকী হৈ পৰিল আদানি ।এন ডি টি ভিৰ স্বত্বাধিকাৰী ৰাধিকা ৰয় আৰু প্ৰণয় ৰয়ৰ বাবে এই খবৰ আছিল সম্পূৰ্ণ অপ্ৰত্যাশিত ৷ যিদৰে আন আন দৰ্শকৰ মাজতো এই খবৰে আলোড়নৰ সৃষ্টি কৰে ।আদানি গ্ৰুপ এন ডি টি ভিৰ একক সৰ্বাধিক শ্বেয়াৰৰ গৰাকী হৈ পৰাৰ পাছত সামাজিক মাধ্যমত সৰ্বাধিক চৰ্চিত হৈ পৰা বিষয়টোৱে হ’ল কি হ’ব ৰবীশ কুমাৰৰ ভূমিকা ?এন ডি টি ভিত আৰু দেখিবলৈ পোৱা নাযাব নেকি ৰবীশ কুমাৰক?
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post