ৰাজ্যপালৰ নিৰ্দেশ -পদত্যাগ কৰক উপাচাৰ্যই

Share This Article

উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ । ৯ জনকৈ উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ ৰাজ্যপালৰ ।কেৰালাৰ ৰাজ্যপালে দিছে এই নিৰ্দেশ । উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পিছতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে এই নিৰ্দেশ দিয়ে । সোমবাৰে ১১বজাৰ ভিতৰত ৯ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ জাৰি কৰা হৈছে। উল্লেখযোগ্য যে এ পি জে আব্দুল কালাম টেকন’ল’জিকেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য ড° ৰাজৰ্ষি এম এছক বিশ্ববিদ্যালয় অনুদান আয়োগৰ তৰফৰ পৰা একপ্ৰকাৰ অযোগ্য ঘোষণা কৰা হৈছে। ন্যায়ালয়ে বিশ্ববিদ্যালয়খনত উপাচাৰ্যৰ নিযুক্তিৰ বাবে অতি কমেও ৩জন ইঞ্জিনিয়াৰিং সেৱাৰ লগত জড়িত সমাজৰ বিশিষ্ট ব্যক্তিৰ নাম পঠিয়াবলৈ আহ্বান জনাইছে।আজি অৰ্থাৎ সোমবাৰে দিনৰ ভাগত উপাচাৰ্য পদৰ পৰা পদত্যাগৰ নিৰ্দেশ দিয়া বিশ্ববিদ্যালয় কেইখন হ’ল – ইউনিভাৰ্ছিটি অব কেৰালা,মহাত্মা গান্ধী ইউনিভাৰ্ছিটি ,ক’চিন ইউনিভাৰ্ছিটি অব চায়েঞ্চ এণ্ড টেকন’লজী,কেৰালা ইউনিভাৰ্ছিটি অফ ফিচাৰিজ এণ্ড অ’চেন ষ্টাডিজ,কন্নুৰ ইউনিভাৰ্ছিটি,এপিজে আব্দুল কালাম টেকন’লজিকেল ইউনিভাৰছিটি,শ্ৰীশংকৰাচাৰ্য ইউনিভাৰছিটি অব সংস্কৃত,ইউনিভাৰ্ছিটি অব কালিকট আৰু থুনচাথ এজুথাচেন মালায়লম ইউনিভাৰ্ছিটি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.