ঘৃণাসূচক মন্তব্য বন্ধ কৰক !

Share This Article

কিমান আৰু অপমান কৰিব? কিমান কৰিব অবমাননা? ধৰ্মীয় অসহিষ্ণুতাত খড়গহস্ত ন্যায়ালয় ।মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ মন্তব্য নিদিব ! সচিবপ্ৰধানৰ পিছত সকীয়ালে উচ্চতম ন্যায়ালয়ে ।

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটাৰছে মানৱ অধিকাৰ উলংঘন আৰু ঘৃণাসূচক মন্তব্য সম্পৰ্কত ভাৰতক সকীয়াই ভাষণ প্ৰদান কৰাৰ দুদিন পিছতেই একেটা বিষয়ক লৈ উচ্চতম ন্যায়ালয়েও সকীয়ালে ভাৰতক । ঘৃণাসূচক মন্তব্যই দেশখনক কি পৰ্যায়লৈ লৈ গৈছে? “ আমি একবিংশ শতিকাৰ বাসিন্দা ।আমি এই সময়তো ধৰ্মৰ নামত ব্যস্ত হৈ কি পৰ্যায়ত আছোঁ?”-এনেদৰে প্ৰশ্ন কৰে ন্যায়ালয়ে। এজন আৱেদনকাৰীৰ আৱেদনৰ ভিত্তিত এনেদৰে ন্যায়ালয়ে প্ৰশ্ন কৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক। ন্যায়ালয়ে লগতে এই বুলিও স্পষ্ট কৰি দিয়ে যে যিখন দেশত ধৰ্মনিৰপেক্ষতাক প্ৰাধান্য দিয়া হয়,সেইখন দেশত ধৰ্মৰ লগত জড়িত ঘৃণাসূচক মন্তব্যৰ স্থান থকা উচিত নে? যদি ৰাজ্য অথবা কেন্দ্ৰীয় চৰকাৰে এই বিষয়বোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে তেওঁলোক অৱমাননাৰ গোচৰ ৰুজু হ’ব। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে “ভাৰতৰ মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা আৰু ভীতিগ্ৰস্ত কৰা সম্পৰ্কত ” প্ৰতিক্ৰিয়া জানিব বিচাৰিছিল চৰকাৰী পক্ষৰ পৰা। আৱেদনকাৰী চাহীন আব্দুল্লাৰ আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ঘৃণাজনিত অপৰাধৰ তথ্য সমূহ আদালতত দাখিল কৰিবলৈও আহ্বান জনায় । জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে আবেদনকাৰীৰ পক্ষত উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল। ন্যায়ালয়ত যুক্তি প্ৰদানৰ সময়ত জ্যেষ্ঠ অধিবক্তা ছিবালে অলপতে দিল্লীত অনুষ্ঠিত ‘হিন্দু সভা’ৰ বিষয়টো টানি আনি কৈছিল যে পশ্চিম দিল্লীৰ বিজেপি সাংসদ পাৰভেজ বাৰ্মাই সামগ্ৰিকভাৱে ‘এইসকল লোকক’ ত্যাগ কৰিব লাগে বুলি ৰাজহুৱা মঞ্চত ভাষণ প্ৰদান কৰিছিল ।ন্যায়াধীশ জগত গুৰু যোগেশ্বৰ আচাৰ্যই সেই একেখন সভাতে ‘মন্দিৰলৈ কোনোবাই আঙুলি টোঁৱালে’ ডিঙি কাটি দিয়া হ’ব বুলি কৰা মন্তব্যও শুনে ন্যায়াধীশে।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছত অধিবক্তা ছিবালে ন্যায়ালয় আৰু ন্যায়াধীশক ধন্যবাদ জনায়।আৰক্ষী আৰু চৰকাৰক এনেধৰণৰ বিষয়ত ন্যায়ালয়ে কঠোৰ পদক্ষেপ ল’বলৈ জনোৱা আহ্বানৰ প্ৰতি ধন্যবাদ জনোৱাত ন্যায়াধীশে কয় “ এইটো আমাৰ কাম। এয়া আমাৰ দায়িত্ব।” উল্লেখযোগ্য যে আবেদনকাৰী আব্দুল্লাৰ শুনানি অনুষ্ঠিত হয় বৃহস্পতিবাৰে। এই শুনানি অনুষ্ঠিত হোৱাৰ দুদিন আগতে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটাৰছে কঠোৰ ভাষাৰে ঘৃণাসূচক মন্তব্যৰ পৰা আঁতৰি থাকিবলৈ ভাৰতক সকীয়নি দিছিল। ভাৰতৰ অনৈক্যৰ মাজত ঐক্য,মহাত্মা গান্ধীৰ অহিংসা নীতিক উচ্চ প্ৰশংসা কৰিও কিন্তু গুটাৰছে ভাৰতক মানৱ অধিকাৰ খৰ্ব নোহোৱাৰ বিষয়টোত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.