মোদী চৰকাৰে কিয় বাতিল কৰিলে তিনিখন বিতৰ্কিত কৃষি আইন?

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছে যদিও কৃষকসকলৰ আন্দোলন এতিয়াই বন্ধ নহয় ৷ কৃষক নেতা গজেন্দ্ৰ টিকাইতে এই ঘোষণা কৰিছে ৷ মোদীয়ে কয় যে সংসদত যেতিয়ালৈকে কৃষি আইন প্ৰত্যাহাৰ কৰা নহয় তেতিয়ালৈকে কৃষকসকলে দিল্লী সীমান্ত এৰি নাযায় ৷ চৰকাৰে এতিয়া নূন্যতম সমৰ্থন মূল্যক লৈ কৃষকৰ সৈতে আলোচনা কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দ্যেশ্যি ১০৬৭ টা শব্দৰ এটা বক্তৃতা প্ৰদান কৰিছিল ৷ গুৰুনানক জয়ন্তীৰ দিনটোতে মোদীয়ে তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথাও ঘোষণা কৰে ৷ তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ প্ৰথম কাৰণটো হ’ল – কৃষক আন্দোলন অধিক জোৰদাৰ কৰাৰ ঘোষণা – ২০২০ চনৰ ২৬ নৱেম্বৰত দিল্লী সীমান্তত চলি থকা কৃষক বিদ্ৰোহৰ এবছৰ সম্পূৰ্ণ হ’ব ৷ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতে কৃষক আন্দোলন অধিক জোৰদাৰ কৰি তোলা হ’ব বুলি ঘোষণা কৰিছে কৃষক সংগঠনসমূহে ৷ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যদিহে কৃষক আন্দোলনে তীব্ৰতৰ ৰূপ লয় , তেনেহ’লে বিধানসভা নিৰ্বাচনতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব ৷ সেইবাবেই কৃষক আন্দোলনৰ লহৰ তীব্ৰ হোৱাৰ পূৰ্বে এক ডিফেন্সিভ পদক্ষেপ হিচাপে মোদী চৰকাৰে আইনকেইখন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় ৷ কৃষি আইন প্ৰত্যাহাৰৰ দ্বিতীয়টো কাৰণ হ’ল উত্তৰ প্ৰদেশৰ নিৰ্বাচন – শেহতীয়া এগজিট প’লসমূহত প্ৰকাশ পোৱা মতে উত্তৰ প্ৰদেশত এইবাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি ৷ ৰাজ্যখনত বিজেপিৰ আসন পূৰ্বৰ তুলনাত ৮০ পৰা ১০০ খন হ্ৰাস পোৱাৰ সম্ভাৱনা এতিয়াই স্পষ্ট হৈ পৰিছে ৷ বিশেষকৈ জাত আৰু মুছলমান অধ্যুষিত পশ্চিম উত্তৰ প্ৰদেশত বিজেপি আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে ৷ যাৰ বাবে পশ্চিম উত্তৰ প্ৰদেশৰ দায়িত্ব বিশেষভাৱে মূৰ পাতি লৈছে অমিত শ্বাহে নিজেই ৷ কিয়নো এই অঞ্চলতে ৰাকেশ টিকেইটৰ দৰে কৃষক নেতাসকলৰ প্ৰভাৱ আটাইতকৈ বেছি ৷ অমিত শ্বাহে পশ্চিম উত্তৰ প্ৰদেশৰ দায়িত্ব লোৱাৰ এদিন পাছতে এই আইন তিনিখন প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হয় ৷ বিশ্লেষকসকলৰ মতে কমেও ১০০ খন বিধানসভা আসনত কৃষকসকলৰ সমস্যা প্ৰধান নিৰ্বাচনী ইছ্যু হৈ আহিছে ৷ যদিহে মোদী চৰকাৰে কৃষকক অপমান কৰাৰ বাৰ্তা কৃষকসকলৰ মাজত বিয়পি পৰে তেনেহ’লে নিৰ্বাচনত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাটো নিশ্চিত ৷পশ্চিম উত্তৰ প্ৰদেশৰ ৩২ শতাংশ মুছলমান আৰু ১২ শতাংশ জাত ভোটাৰক অসন্তুষ্ট কৰি যে বিজেপিয়ে ভাল ফল পাব নোৱাৰে সেয়া ভালদৰেই উপলব্ধি কৰিছে ৷ সেইবাবেই নিৰ্বাচনলৈ মাত্ৰ তিনি মাহ বাকী থকা অৱস্থাত বিজেপিয়ে কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’লে ৷ কৃষি আইন প্ৰত্যাহাৰৰ তৃতীয়টো কাৰণ হৈছে শেহতীয়া উপ – নিৰ্বাচনৰ ফলাফল আৰু সমাগত বিধানসভা নিৰ্বাচনৰ এগজিত পোলে বাৰুকৈয়ে চিন্তাত পেলাইছে বিজেপি হাইকামাণ্ডক ৷ বিশেষকৈ কৃষি আইনৰ বিৰোধিতাৰে শিৰোমণি আকালি দলে এন ডি এ ত্যাগ কৰাৰ পাছত পঞ্জাৱত বিজেপিৰ ভৰি দিবলৈ ঠাই নোহোৱা হৈছে ৷ এই শিৰোমণি আকালি দলেই আছিল এন ডি এৰ আটাইতকৈ পুৰণি সহযোগী ৷ পূৰ্বৰ তথ্য অনুসৰি শিৰোমনি আকালি দল আৰু বিজেপিয়ে নিৰ্বাচনসমূহত প্ৰায় ৩৫ শতাংশ ভোট লাভ কৰি আহিছে ৷ ইয়াৰে ৭-৮ শতাংশহে বিজেপিৰ নিজা ভোট ৷ গতিকে শিৰোমনি আকালি দলে সংগ এৰাৰ পাছত পঞ্জাৱৰ বিজেপি প্ৰায় অস্তিত্বহীন ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি দ্বিতীয়বাৰৰ বাবে পঞ্জাৱত ক্ষমতাৰ পৰা বাহিৰত থাকিবলগীয়া হয় , তেনেহ’লে ইয়াৰ প্ৰভাৱ আন ৰাজ্যসমূহতো পৰাটো নিশ্চিত ৷ সেইবাবেই আকৌ শিৰোমণি আকালি দলৰ বাট মুকলি কৰিবলৈ মোদী চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগীয়া হ’ল ৷ কৃষি আইন প্ৰত্যাহাৰৰ আৰু এটা অন্যতম কাৰণ হৈছে ২০১৪ চনত ক্ষমতালৈ অহাৰ পাছতে বিজেপি চৰকাৰে গৃহীত কৰিবলৈ বিচাৰিছিল ভূমি অধিগ্ৰহণ আইন ৷ তেতিয়া আন বিৰোধী দলসমূহে মোদী চৰকাৰক চুট বুটৰ চৰকাৰ বুলি অভিহিত কৰি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ৷ তাৰ পাছৰে পৰা এই আইনখনৰ কথা দ্বিতীয়বাৰলৈ উচ্চাৰণ কৰা নাই মোদী চৰকাৰে ৷ কিয়নো ভূমি অধিগ্ৰহণ আইনৰ লগত কৃষকৰ ভূমিৰ অধিকাৰৰ কথা জড়িত হৈ আছে ৷ দেশৰ জনসংখ্যাৰ সৰহভাগ লোকেই কৃষি কৰ্মৰ লগত জড়িত ৷ এখন আইনেৰে কৃষকৰ স্বাৰ্থত আঘাত হনা মানে বিজেপিয়ে খাল খান্দি ঘৰিয়াল চপোৱাৰ দৰে কথা ৷ সেইবাবেই ভূমি অধিগ্ৰহণ আইনক ক’ল্ড ষ্ট’ৰেজলৈ নিক্ষেপ কৰা হ’ল ৷ এইবাৰো তিনিখন কৃষি আইনক কৃষক সংগঠমসমূহে বিৰোধিতা কৰাৰ লগতে আত্মসন্মানৰ প্ৰশ্ন হিচাপেও ল’লে ৷ অধিক দিন এই আন্দোলন চলি থকা মানেই এয়া কৃষকৰ আৱেগ অনুভূতিৰ বিষয় হৈ পৰিব ৷ যাৰ পৰিণতি বিজেপি দলেই ভোগ কৰিব লাগিব ৷ সেয়ে কৃষকসকল বিজেপিৰ ওপৰত স্থায়ীভাৱে অসন্তুষ্ট হোৱাৰ আশংকাতে কৃষি আইনৰ পৰা পিছ হুহুকিব লগা হ’ল মোদী চৰকাৰ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.