গুজৰাটত PMO ৰ কাৰ্যালয়?

Share This Article

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়’ গুজৰাটত? সপ্তাহটোতেই কেইবাটাও কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোডীৰ ।গুজৰাট বিধানসভাৰ নিৰ্বাচন সমাগত।।জোৰদাৰ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ।সমাগত গুজৰাট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সঘনাই ভ্ৰমণ কৰিছে গুজৰাট। মোডীৰ এই সঘন ভ্ৰমণক একপ্ৰকাৰ কটাক্ষ কৰিয়েই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে যিটো হাৰত গুজৰাটলৈ সঘন ভ্ৰমণ আৰম্ভ কৰিছে “তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো গুজৰাটতেই খোলা উচিত।”

‘মোডী আৰু কেজৰিৱালৰ শৰীৰৰ ভাষা একেই। শৰীৰৰ ভাষাৰ ক্ষেত্ৰত কেজৰিৱাল মোডীৰ ভাতৃৰ দৰে’-এনেদৰে পুনৰ মন্তব্য কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।প্ৰধানমন্ত্ৰী মোডী বুধবাৰেও গুজৰাটত উপস্থিত হোৱাৰ কথা। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৫,৫৭০ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত বুধবাৰে অংশ ল’ব।মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি ঢোলাভিৰা আৰু লোথালত অৱস্থিত নেশ্যনেল মেৰীটাইম হেৰীটেজ কমপ্লেক্স নিৰ্মাণৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।ভাৰ্চুৱেলি অংশ লোৱা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে কয় “আমি ঢোলাভিৰা আৰু লথালৰ ঐতিহ্য ঘূৰাই অনাৰ চেষ্টা কৰিম।সিন্ধু সভ্যতাৰ এই পুৰণি ঐতিহ্যমণ্ডিত স্থানৰ হৃত গৌৰৱ ঘূৰাই অনাৰ প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব।”

“হাজাৰ হাজাৰ বছৰ আগতেও ভাৰত আছিল এক সাগৰীয় বাণিজ্যৰ কেন্দ্ৰ।সাগৰীয় যাতায়তত ভাৰতৰ স্থান আছিল যথেষ্ট গুৰুত্বপূৰ্ণ”- এনেদৰে কয় প্ৰধানমন্ত্ৰীয়ে।২৭ বছৰ ধৰি বিজেপিয়ে একেলেথাৰিয়ে শাসন চলাই থকাৰ পিছত এইবাৰ প্ৰতিষ্ঠানবিৰোধী ঢৌৱে যথেষ্ট সমস্যাত পেলাইছে শাসক দল বিজেপিক।আনহাতে,এই প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সুযোগ লৈছে আপে।গুজৰাটৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও অব্যাহত ৰাখিছে নিজৰ যুঁজ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.