হিমাচলত হাৰিব বিজেপি?

Share This Article

টিকেট নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ! টিকেটৰ পৰা বঞ্চিত কেন্দ্ৰীয় মন্ত্ৰীৰ পিতৃ।হিমাচল প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ।মুঠ ৬২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে ।কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ অনুমোদন সাপেক্ষে প্ৰকাশ কৰা এই তালিকাত ৫ গৰাকী মহিলা প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰা হৈছে ।কেইবাগৰাকীও বৰ্তমানৰ বিধায়কে টিকেট লাভ নকৰিলে ।বিজেপিয়ে টিকেট প্ৰদান কৰা প্ৰাৰ্থী সকলৰ ভিতৰত চুৰাহ সমষ্টিৰ পৰা হংসৰাজ,ভাৰমৌৰৰ পৰা জনক ৰায়,চম্বাৰ পৰা ইন্দিৰা কাপুৰ,ডেল
হাউছিৰ পৰা ডিএছ,ভাটিয়াটৰ পৰা বিক্ৰম জৰিয়াল,নুৰপুৰৰ পৰা ৰণবীৰ সিং,ইন্দৰাৰ পৰা ৰীতা ধীমান,ৰাকেশ পাঠানীয়া উল্লেখযোগ্য ।দলটোৱে অনুৰাগ ঠাকুৰৰ পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধামাল,অনুৰাগ ঠাকুৰৰ শহুৰেক গোলাব সিঙক টিকেট প্ৰদান নকৰিলে ।বিগত সপ্তাহত নিৰ্বাচন আয়োগে ৰাজ্যখনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল ।অহা ১২নবেম্বৰত ৰাজ্যখনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ফলাফল ঘোষণা হ’ব ৮ ডিচেম্বৰত । ৰাজনৈতিক বিশ্লেষক সকলৰ মতে ৰাজ্যখনত বিজেপি শাসনলৈ অহাৰ সম্ভাৱনা ক্ষীণ ।কিন্তু দলটোৱে উত্তৰাখণ্ডৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰি হ’লেও ক্ষমতা দখল কৰিবলৈ বদ্ধপৰিকৰ ।বৰ্তমান ৰাজ্যখনত বিজেপিৰ বিধায়কৰ সংখ্যা ৪৫ জন,কংগ্ৰেছৰ ২২জন আৰু চিপিআইএমৰ আছে ১ জন বিধায়ক ।আপ দলো এইবাৰ ৰাজ্যখনত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.