বিজেপিৰ বেলি মাৰ যাব গুজৰাটত?

Share This Article

প্ৰতিষ্ঠানবিৰোধী ঢৌত থৰকবৰক বিজেপি । আপৰ উত্থানত শংকিত মোডী বাহিনী।গুজৰাট নিৰ্বাচনকলৈ C voter সমীক্ষা ৰাজ্যখনৰ ৪৬% জনতাই বিশ্বাস কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ যুঁজ হ’ব আপৰ লগত ।আন ৪০% লোকে বিশ্বাস কৰে বিজেপিৰ যুঁজ হ’ব কংগ্ৰেছৰ বিৰুদ্ধে।আনহাতে,বাকী ১৪% লোকে এই সম্পৰ্কত কোনো মতামত দিব বিচৰা নাই।উল্লেখ্য যে চলিত বৰ্ষৰ নবেম্বৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নিৰ্বাচন।গুজৰাটত মুঠ ১৮২ খন বিধানসভাৰ আসন আছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে ৯৯ খন ,কংগ্ৰেছ দলে ৭৭ খন আৰু আন দলবোৰে মুঠ ৬ খন আসন লাভ কৰিছিল।২০১৭ চনত বিজেপি দলে ২০১২ চনৰ তুলনাত ১৬ খন আসন কমকৈ লাভ কৰিছিল।তাৰ বিপৰীতে কংগ্ৰেছ দলৰ আসন ৬১ খনৰ পৰা ৭৭ খনলৈ বৃদ্ধি পাইছিল ।বিগত ২৭ বছৰৰ বিজেপিৰ শাসনৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সুযোগ ল’ব বিচাৰিছে অৰবিন্দ কেজৰিৱালৰ আপ দলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.