অক্ষুণ্ণ থাকিল মহাৰাষ্ট্ৰৰ পৰম্পৰা

Share This Article

বিনাপ্ৰতিন্দ্বিতাৰে জয়ী পূব আন্ধেৰীৰ বিধায়ক। ক্ষমতাতকৈ পৰম্পৰাত বিশ্বাসী মহাৰাষ্ট্ৰৰ লোক।মহাৰাষ্ট্ৰৰ পূব আন্ধেৰী সমষ্টিত হ’বলগীয়া উপনিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে বিজেপিয়ে।মহাৰাষ্ট্ৰৰ পৰম্পৰা অনুসৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে দলটোৱে।

“ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু আছিল বিজেপি।আমি নিশ্চিত আছিলোঁ যে আমি যথেষ্ট সংখ্যক ভোট লাভ কৰি জয়যুক্ত হ’ব পাৰিম।কিন্তু যদি এজন বিধায়কৰ মৃত্যু হয় আৰু সেই সময়ত যদি তেওঁৰ পৰিয়ালৰ কোনো লোকে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰে তেন্তে সেই প্ৰাৰ্থী গৰাকীক বিনাপ্ৰতিন্দ্বিতাৰে নিৰ্বাচিত বুলি ঘোষণা কৰা হয় মহাৰাষ্ট্ৰত”- এনেদৰে মন্তব্য কৰে বিজেপিৰ মহাৰাষ্ট্ৰৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱানকুলে ।

বাৱানকুলে লগতে কয় “ বিজেপিয়ে মহাৰাষ্ট্ৰৰ এই পৰম্পৰা বহুত দিনৰ পৰাই পালন কৰি আহিছে।এতিয়াও বিধায়কগৰাকীৰ হাতত ডেৰ বছৰ সময় আছে।সেয়ে দলে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে।এই সিন্ধান্তত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিৰ সন্মতি আছে।মই এই সিন্ধান্তৰ বাবে মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাভিছক ধন্যবাদ জনাইছোঁ।”

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষৰ দিনটোত উদ্ধৱ থাকৰে পন্থীৰ ফালৰ পৰা বিজেপিক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে অনুৰোধ জনাইছিল।উল্লেখ্য যে পূব আন্ধেৰী সমষ্টিৰ বিধায়ক প্ৰয়াত ৰমেশ লটকে আছিল শিৱসেনাৰ প্ৰতিনিধি ।তেওঁৰ পত্নী ৰুতুজা লটকেই এইবাৰ উপনিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে।যোৱা শনিবাৰে উপনিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বিষয়ে আলোচনা কৰিবলৈ আনকি ৰাজ থাকৰেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেকো সাক্ষাৎ কৰিছিল। বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ ঘোষণাৰ পিছত মহাৰাষ্ট্ৰ নবনিৰ্মাণ সমিতিৰ মূৰব্বী ৰাজ থাকৰেই বিজেপিৰ সিন্ধান্তক আদৰণি জনাইছে।
“ এখন ভাল সমাজ গঢ়াৰ বাবে আমাক ৰাজনীতিতো সংস্কৃতিৰ প্ৰয়োজন।আমি সদায় তেনে এখন ৰাজনৈতিক সমাজ গঢ়িব বিচাৰোঁ য’ত ৰাজনৈতিক সমস্যাসমূহে গুৰুত্ব লাভ কৰে ”- এনেদৰে মন্তব্য কৰে ৰাজ থাকৰে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.