Investigative reporting with dedication.

‘ভীষ্ম প্ৰতিজ্ঞা’ বিহাৰৰ মুখ্যমন্ত্ৰীৰ । কি এই ‘ভীষ্ম প্ৰতিজ্ঞা’?
দেহত শেষ বিন্দু তেজ থকালৈকে বিজেপিৰ লগত মিত্ৰতা নকৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ।প্ৰায় এটা বছৰ মিত্ৰতাত থকাৰ পিছত যেন বৌদ্ধজ্ঞানহে পালে নীতিশ কুমাৰে।“বিজেপিয়ে যেনে আচৰণ কৰে,মই মোৰ জীৱিত কালত আৰু কেতিয়াও বিজেপিৰ লগত নাযাওঁ”-এনেদৰে কয় নীতিশ কুমাৰে।“আমি পুৰণি সমাজবাদী চিন্তাধাৰাৰ লোকসকল একেলগে থাকিম। আমি বিহাৰ তথা দেশৰ উন্নয়নৰ বাবে কাম কৰিম। তাৰবাবে আপোনালোকৰ সহযোগিতা আমাক লাগিব”- এনেদৰে শুকুৰবাৰে কয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।
উল্লেখযোগ্য যে বিগত বিহাৰ বিধানসভাৰ নিৰ্বাচনত মহাজোঁটৰ হৈ নিৰ্বাচনত জয়ী হোৱাৰ পিছত পাভলুটি মাৰিছিল নীতিশ কুমাৰে। ফলাফল ওলোৱাৰ পিছতে তেওঁ লালু প্ৰসাদ যাদৱৰ আৰজেডিৰ সংগ ত্যাগ কৰি বিজেপিৰ লগ লাগি চৰকাৰ গঠন কৰিছিল। কিন্তু প্ৰায় এটা বছৰৰ পিছত বিজেপিৰ লগত মিত্ৰতা ভংগ কৰে নীতিশ কুমাৰৰ জেডি ইউৱে।




